অসম লাইভ ২৪ঃ জনপ্ৰিয় ইনষ্টেণ্ট মেছেজিং এপ হোৱাটচএপত শীঘ্ৰেই উপলব্ধ হ’ব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ৷ ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ উপলব্ধ হ’বলগীয়া এই ফীচাৰ পৰ্যবেক্ষণ পৰ্যায়ত আছে৷ এই সুবিধাৰ সহায়ত বিভিন্ন ডিভাইচত একেটা একাউণ্ট চলাব পাৰিব ব্যৱহাৰকাৰীয়ে৷ এণ্ড্ৰইড আৰু iOS প্লেটফৰ্মত উপলব্ধ হ’ব এই সুবিধা৷ এই এপৰ জৰিয়তে একেটা একাউণ্ট ৪টা ডিভাইচত চলাব পাৰিব৷ wabetainfo ৰ ৰিপ’ৰ্ট অনুসৰি, মূল একাউণ্ট ব্যৱহাৰ কৰা ডিভাইচৰ পৰা Chat history সংলগ্ন কৰি অন্য ডিভাইচত এই একাউণ্ট লিংক কৰা হ’ব আৰু এপ চাৰ্ভাৰৰ পৰা মেছেজসমূহ ডাউনলোড কৰিব পাৰিব৷ মূল ডিভাইচত ইণ্টাৰনেট সেৱা বন্ধ হৈ থাকিলেও অন্য ডিভাইচত ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰিব একাউণ্ট৷ উল্লেখ্য, পূৰ্বে কেৱল বিটা ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ আছিল এই মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ৷ কিন্তু এতিয়াৰেপৰা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব এই ফীচাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















