বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !
আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশৰ লগতে বিশ্ববাসীকে কঁপাই তুলিছে। লণ্ডনলৈ বুলি যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত দুজন পাইলট আৰু ১০ জন কেবিন ক্ৰু মেম্বাৰসহ মুঠ ২৪২ জন লোক আছিল। সকলো নিঃশেষ হৈ গৈছিল এই দুৰ্ঘটনাত কিন্তু অলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাসৰ। আসনৰ সৈতে বাহিৰলৈ চিকিটি আহিছিল বিশ্বাস।
কিন্তু দুৰ্ঘটনাটোৰ পিছত এতিয়া পুনৰবাৰ বিমান যাত্ৰাৰ আশংকা আৰম্ভ কৰিছে মানুহে। কিন্তু বিমান কৰ্তৃপক্ষৰ ফালৰ পৰা সদৰি কৰা অনুসৰি, বিমানখনত এনে কিছুমান আসন আছে যিবোৰ আন আসনতকৈ সুৰক্ষিত বুলি গণ্য কৰা হয়।
উইংৰ ওচৰত আসন-
তথ্য অনুসৰি উইংৰ ওচৰত আসন লাভজনক। বিমানখনৰ এই অংশটো স্থিৰতাৰ বাবে ডিজাইন কৰা হৈছে। উইং চিট সাধাৰণতে জৰুৰীকালীন প্ৰস্থানৰ ওচৰত থাকে যিয়ে দুৰ্ঘটনাৰ সময়ত ওলাই অহাত সহায় কৰে।
এক্সিট ৰ’ৰ কাষৰ আসন-
এক্সিট ৰ’ত বহি থকা মানুহবোৰো জীয়াই থাকিব পাৰে। এই অংশত বহি থকা লোকসকলৰ ভৰি ৰখাৰ বাবে অধিক ঠাই থাকে আৰু তেওঁলোকে বাহিৰ ওলোৱাৰ ফালে দ্ৰুতগতিত দৌৰিব পাৰে।
খিৰিকী আৰু মাজৰ আসন –
যিকোনো ধৰণৰ ধুমুহাৰ ক্ষেত্ৰত বা দুৰ্ঘটনাৰ সম্ভাৱনা থাকিলে মাজৰ আসনবোৰ অধিক সুৰক্ষিত। এই লোকসকলৰ দুয়োফালে অন্য লোক থাকে সুৰক্ষা কৱচ হিচাপে। খিৰিকীৰ চিটৰ পৰা এজন ব্যক্তি লাহে লাহে ওলাই আহিব পাৰে।
লগতে ইন্ধন টেংকৰ কাষৰ আসন সবাতোকৈ ভয় লগা। কাৰণ, এই স্থানৰ আসনৰ ওচৰচ ইন্ধন টেংক থকাৰ ফলত সামান্য কিছু হলেই জুই লগাৰ ভয় থাকে। এনে পৰিস্থিতিত যাত্ৰীসকলে ধৈৰ্য্য বজাই ৰখা আৰু সজাগ হোৱাটো প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















