অসম লাইভ২৪ঃ গাখীৰৰ বাবেই পাকিস্তানত হাহাকাৰ পৰিস্থিতি৷ পাকিস্তানত প্ৰতি লিটাৰ গাখীৰৰ দাম এতিয়া ২১০ টকা৷ ভাৰততকৈ ৫ গুণ বেছি হৈছে এক লিটাৰ গাখীৰৰ দাম৷ আৰ্থিক মন্দাৱস্তাই দেখা দিয়া পাকিস্তানত শিশুসকলক খোৱাবৰ বাবে গাখীৰো যোগান ধৰিব পৰা নাই বহুসংখ্যকেই৷ কিছুদিন পূৰ্বে চৰকাৰী আটা-ময়দা ল’বলৈকো বহুলোকে শাৰী পতাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷
বিগত প্ৰায় কেইবামাহ ধৰি অৰ্থ সংকটত পৰিছে পাকিস্তান৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম দৈনিক বৃদ্ধি পাইছে৷ প্ৰতিদিনেই ৩০-৪০ টকাকৈ বাঢ়িছে সামগ্ৰীৰ দাম৷ পূৰ্বে মুৰ্গী মাংসৰ দাম আছিল প্ৰতিকিঃগ্ৰাত ১৩০ টকা৷ কিন্তু মঙলবাৰে এই দাম বাঢ়ি হৈছেগৈ ৭০০ৰ পৰা ৭৮০ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ