ওজন অত্যধিক বেছি হোৱা মহিলাৰ জৰায়ুত চিষ্ট হোৱাৰ আশংকা বেছি৷ এই ধৰণৰ মন্তব্য প্ৰায়েই শুনা যায়৷ জৰায়ুত চিষ্ট যাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় অভেৰিয়ান চিষ্ট৷ এই চিষ্টৰ কাৰণে কৰ্কটো হব পাৰে৷ প্ৰকৃততে জৰায়ুত কিয় চিষ্ট হয় তাৰ কাৰণ বহু আছে৷ মেদবহুলতা যেনে এক কাৰণ তেনেকৈ আন বহু কাৰণ আছে৷ ওজন বেছি মানেই চিষ্ট হ’ব তেনে কোনো কথা নাই৷ কিন্তু জৰায়ুত চিষ্ট হোৱাৰ সম্ভাৱনা কেতিয়া বাঢ়ে সেই বিষয়ক লৈ কি কয় চিকিৎসকে?
অভেৰিয়ান চিষ্টৰ আশংকা কাৰ বেছি?
অভেৰিয়ান চিষ্ট ডিম্বাশয়ৰ ভিতৰত হয়৷ বিশেষ মাংস পিণ্ড তৈয়াৰ হয় যাৰ ভিতৰত তেজ বা কোনো ধৰণৰ ফ্লুইড থাকিব পাৰে৷ চিকিৎসকো জনোৱা অনুসৰি চিষ্ট মানে টিউমাৰৰ দৰে ই বাঢ়ি নাথাকে৷ কেন্সাৰৰো আশংকা বিশেষ নথাকে৷ টিউমাৰ মেলিগনেণ্ট আৰু বিনাইন দুই ধৰণৰ হয়৷ যদি সেয়া কৰ্কটৰ দিশে ঢাল খাই তেতিয়া সেই চিষ্টৰ ভিতৰৰ দেৱালৰ পৰা কোষৰ অনিয়মিত বিভাজন আৰম্ভ হব৷ চিষ্ট ফাটি পুঁজ বা তেজ বাহিৰলৈ ওলাই আহিব৷
বয়ঃসন্ধিকালত ঋতুস্ৰাৱ আৰম্ভৰ সময়ৰ পৰা মহিলাৰ জৰায়ুত চিষ্ট হোৱাৰ আশংকা থাকে৷ চিষ্ট যদি হয় তেতিয়া সেয়া লগে লগে এৰাই দিয়াটোৱেই মংগল৷ পিচিওএছ বা পলিচিষ্টিক ওভেৰি চিনড্ৰোম যাৰ আছে তেওঁলোকৰ ওভেৰিয়ান চিষ্ট হোৱাৰ আশংকা বেছি৷ পিচিওএছত ওজন অতিৰিক্ত বাঢ়ি গলে সেই আশংকা বাঢ়ে৷
এণ্ডোমেট্ৰিওছিচ থাকিলেও চিষ্ট হোৱাৰ আশংকা থাকে৷ জৰায়ুৰ ভিতৰত এণ্ডোমেট্ৰিয়াম নামৰ এক স্তৰ থাকে৷ প্ৰত্যেক মাহত ঋতুস্ৰাৱৰ পাছত এই স্তৰ সন্তান ধাৰণৰ বাবে তৈয়াৰ হয়৷ সেই সময়কালত অন্তঃসত্ত্বা নহলে এণ্ডোমেট্ৰিয়াম লাইনিং ধীৰে ধীৰে খহি পৰে৷ ২৮ৰ পৰা ৩০ দিনৰ মাজত এণ্ডোমেট্ৰিয়াম জৰায়ুৰ পৰা খহি গলেই ঋতুস্ৰাৱ আৰম্ভ হয়৷ জৰায়ুৰ পৰা চিঙি অহাৰ বাবে ঋতুস্ৰাৱৰ দুই তিনিদিন পূৰ্বে তলপেটত অলপ বিষ হয়৷ কিন্তু যদি দেখা যায় জৰায়ুৰ ভিতৰৰ লগতে বাহিৰৰ ফালেও ফেলিপিয়ান টিউবত, কেতিয়াবা মলাশয়তো এণ্ডোমোট্ৰিয়াম স্তৰ তৈয়াৰ হয়৷ তেতিয়া তাৰ পৰাও ৰক্তপাত হৈ থাকে আৰু চিষ্ট হোৱাৰ আশংকা বাঢ়ে৷
ডিম্বাশয়ত চিষ্ট থাকিলে ডিম্বানু বাহিৰৰ ক্ষেত্ৰত সমস্যা হয়৷ ফলত গৰ্ভধাৰণত অসুবিধা হয়৷ অৱশ্যে ইয়াৰ চিকিৎসা আছে৷ ডিম্বাশয়ৰ চিষ্ট বিনাইন বা মেলিগনেন্ট জানিবলৈ চি এ ১২৫ তেজ পৰীক্ষা কৰা হয়৷ আলট্ৰাচাউণ্ডৰ মাধ্যমেৰে চিষ্টৰ পানী বাহিৰ কৰি লোৱা হয়৷ কৰ্কট হলে চাৰ্জাৰি কৰি চিষ্ট ওলিয়াই অনা হয়৷ চিষ্ট হলেই অস্ত্ৰোপছাৰ কৰিবই লাগিব বুলি কোনো কথা নাই৷ শৰীৰত বহু স্থানতেই চিষ্ট থাকে৷ সেইসমূহ শেষ কৰিবলৈ গলে হিতে বিপৰীতহে হব পাৰে৷ সেয়ে এইক্ষেত্ৰত ঔষধেৰেই পোনতে চিকিৎসা কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















