অসম লাইভ ২৪ঃ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? দেশৰ বিজপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল কিমান জনপ্ৰিয়? এই প্ৰশ্নসমূহৰ উত্তৰ দিছে ‘ইণ্ডিয়া টুডে’এ চলোৱা এক সমীক্ষাই৷
‘মুড অৱ দ্য নেশ্যন ২০২২’ শীৰ্ষক নামেৰে চলোৱা এই সমীক্ষাত নতুন বৰ্ষটোত দেশৰ জনতাৰ ৰাজনৈতিক পচন্দ-অপচন্দসমূহ কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে৷ দেশজুৰি চৰ্চা লাভ কৰা এই সমীক্ষাটোত দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে ইণ্ডিয়া টুডেই দেশৰ ৰাজ্যসমূহৰ জনসাধাৰণক মুখ্যমন্ত্ৰীসকলৰ গ্ৰহণযোগ্যতা, কৰ্মদক্ষমতাৰ ওপৰত প্ৰশ্ন কৰিছিল।
তাৎপৰ্যপূৰ্ণভাৱে তালিকাখনৰ প্ৰথম ফালৰ পাঁচটা স্থানত দেশৰ বিজেপি শাসিত ৰাজ্যৰ এজনো মুখ্যমন্ত্ৰী নাই! অসমৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰটো বাদেই হিন্দুত্বৰ প’ষ্টাৰবয় যোগী আদিত্যনাথ আৰু মদ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানো প্ৰথম পাঁচটা স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷
সমীক্ষাটোত প্ৰথম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। দীৰ্ঘদিন ধৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী হৈ অহা পাটনায়কেই হৈছে ‘ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী। উৰিষ্যাৰ উত্তৰদাতাৰ ৭১.১%ই পাটনায়কৰ সপক্ষে ভোট দিছে।
পাটনায়কৰ পিছতে বিজেপিক নাকত ধৰি চাকত ঘূৰোৱা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আছে দ্বিতীয় স্থানত। সমীক্ষাত অংশগ্ৰহণ কৰা পশ্চিমবংগৰ ৬৯.৯% লোকে মমতাৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰিছে।
তালিকাখনত তৃতীয় স্থান লাভ কৰিছে তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। তেওঁ ৰাজ্যখনৰ ৬৭.৫% শতাংশ লোকৰ সদিচ্ছা আদায় কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীত্বৰ পদ লাভ কৰিয়ে তামিলনাডুত কেইবাটাও প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰিছে ষ্টেলিনে।
ইফালে চতুৰ্থ স্থানত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই। ৰাজ্যখনৰ ৬১.৮% উত্তৰদাতাই থাকৰেক পচন্দ কৰিছে। থাকৰে আৰু তেওঁৰ দল শিৱসেনাই শেহতীয়াকৈ কেইবাবছৰ ধৰি মোদী চৰকাৰৰ চৰম বিৰোধ কৰি আহিছে।
থাকৰেৰ পাছতে পঞ্চম স্থানত আছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন। দেশৰ একমাত্ৰ বাওঁপন্থী মুখ্যমন্ত্ৰী বিজয়নে ৬১.১% উত্তৰদাতাৰ আস্থা লাভ কৰিছে। বিজয়নক দেশৰ বাওঁপন্থী ৰাজনীতিৰ আইকন হিচাপেও গণ্য কৰা হয়।
প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক বিৰোধ কৰি অহা এই পাঁচগৰাকী মুখ্যমন্ত্ৰীয়ে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
তালিকাখনৰ নৱম স্থানত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শৰ্মাই হৈছে একমাত্ৰ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী যিয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ডঃ শৰ্মাই লাভ কৰিছে ৫৬.৬% উত্তৰদাতাৰ আস্থা। ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ডঃ শৰ্মাই চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। মাইক্ৰ’ ফাইনান্সৰ নামত ঋণ ৰেহাইৰে মহিলাৰ মন জয় কৰিবলৈ চেষ্টা কৰাৰ লগতে আন বহু জনপ্ৰিয় কাম কৰি গৈছে তেওঁ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সঘনাই মুখ উলিয়াবলৈ সুযোগ বিচৰাত সিদ্ধহস্ত ডঃ শৰ্মা। তৎসত্বেও ইণ্ডিয়া টুডেৰ তালিকাখনৰ শীৰ্ষ পাঁচটা স্থানত উপনীত হোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, সততে দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সৰ্বাধিক উচ্চাৰিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰৰী যোগী আদিত্যনাথৰ প্ৰতি আস্থা নাই উত্তৰ প্ৰদেশৰ জনতাৰ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীয়ে নিজৰ প্ৰচাৰৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয়, হিন্দু-মুছলিমৰ লেতেৰা ৰাজনীতি কৰিও তালিকাখনৰ প্ৰথমৰফালে নকৰিলে৷
ইফালে সমীক্ষাটোত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ শোচনীয় অৱস্থাই কেন্দ্ৰৰ মোদী চৰকাৰৰ প্ৰতি দেশৰ জনতাৰ মোহভংগ ঘটাটোকে প্ৰতিফলিত কৰিছে বুলি বুলি ধাৰণা কৰা হৈছে৷ ইফালে প্ৰশ্ন উত্থাপন হৈছে উন্নয়নৰ বিপৰীতে বিজ্ঞাপনৰ নামত জনতাৰ কোটি কোটি টকা অবাবত ব্যয় কৰা মোদী চৰকাৰে হেৰুৱাইছে নেকি পূৰ্বৰ জনপ্ৰিয়তা? দেশত বিজেপিৰ সলনি আন ৰাজনৈতিক বিকল্পৰ সম্ভাৱনাই দেখা দিছে নেকি? সেয়াও লক্ষ্যণীয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ