• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

1 month ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

3 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

4 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

5 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

6 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

6 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

7 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

7 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

9 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

ৰোনাল্ডো, মেছি, এমবাপে, হালাণ্ডৰ সম্পত্তিৰ পৰিমান কিমান?

editor by editor
July 11, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
0
SHARES
804
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ত কেৱল ফুটবলৰ ৰোমাঞ্চই নহয়, খেলুৱৈসকলৰ বিপুল সম্পত্তিও ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। খেলপথাৰত অসাধাৰণ প্ৰতিভাৰে বিশ্বজয় কৰা ক্ৰিষ্টিয়ানো ৰোনাল্ডো, লিঅ’নেল মেছি, নেইমাৰ, কিলিয়ান এমবাপে আদি তাৰকাসকলে কেৱল ক্লাবৰ দৰমহাৰ জৰিয়তেই নহয়, বিজ্ঞাপন, ব্যক্তিগত ব্যৱসায় আৰু বিভিন্ন বিনিয়োগৰ জৰিয়তেও হাজাৰ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য গঢ়ি তুলিছে। আহক, বিশ্বৰ এই ধনী ফুটবলাৰসকলৰ আনুমানিক মুঠ সম্পত্তিৰ বিষয়ে জানো।

ৰোনাল্ডো আৰু মেছিৰ সম্পত্তিৰ পৰিমাণ কিমান?

আয়ৰ ক্ষেত্ৰত পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো এই মুহূৰ্তত শীৰ্ষস্থানত আছে। ছৌদি আৰৱৰ ক্লাব আল নাছৰৰ হৈ খেলা ৰোনাল্ডোৰ মুঠ সম্পত্তি আনুমানিক ১.২ৰ পৰা ১.৪ বিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ১০,৩০০ কোটিৰ পৰা ১২,০০০ কোটি) বুলি ধৰা হয়।

ক্লাবৰ বিশাল দৰমহাৰ উপৰিও নাইকিৰ সৈতে জীৱনজোৰা চুক্তি, হোটেল শৃংখলা, জিম ব্যৱসায় আৰু ৰিয়েল ইষ্টেটত কৰা বিনিয়োগে তেওঁৰ সম্পত্তি বহুগুণে বৃদ্ধি কৰিছে।

অন্যহাতে, আৰ্জেণ্টিনাৰ মহান ফুটবলাৰ লিঅ’নেল মেছিও বিশ্বৰ অন্যতম ধনী খেলুৱৈ।

তেওঁৰ মুঠ সম্পত্তি আনুমানিক ৮৫০ মিলিয়নৰ পৰা ১ বিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৭,৩০০ কোটিৰ পৰা ৮,৬০০ কোটি) বুলি বিভিন্ন অনুমানত উল্লেখ কৰা হয়। ক্লাবৰ দৰমহাৰ লগতে এডিডাছ, এপল, পেপচি আদি বিশ্ববিখ্যাত ব্ৰেণ্ডৰ সৈতে চুক্তিয়ে তেওঁৰ আয়ৰ অন্যতম উৎস।

নেইমাৰ আৰু এমবাপেও আছে বিলিয়ন টকাৰ ক্লাবত

ব্ৰাজিলৰ তাৰকা নেইমাৰও বিপুল আয়ৰ বাবে সদায়ে চৰ্চাত থাকে। ছৌদি প্ৰ’ লীগৰ ক্লাব আল হিলালত যোগদান কৰাৰ পাছত তেওঁৰ সম্পত্তি যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি আনুমানিক ৪৫০ৰ পৰা ৫০০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৩,৯০০ কোটিৰ পৰা ৪,৩০০ কোটি)।

ফুটবলৰ উপৰিও পিউমা, ৰেড বুল আৰু গেমিং কোম্পানীৰ সৈতে চুক্তিৰ জৰিয়তে তেওঁ বৃহৎ পৰিমাণৰ আয় কৰে।

ফ্ৰান্সৰ যুৱ তাৰকা কিলিয়ান এমবাপেও ৰিয়েল মাদ্ৰিদত যোগদান কৰাৰ পিছত বিশ্বৰ সৰ্বাধিক মূল্যবান খেলুৱৈসকলৰ মাজত স্থান দখল কৰিছে। বিভিন্ন অনুমান অনুসৰি তেওঁৰ মুঠ সম্পত্তি ২৫০ৰ পৰা ৭০০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ২,১৫০ কোটিৰ পৰা ৬,০০০ কোটি)। ক্লাবৰ বিশাল দৰমহা, চাইনিং বোনাছ আৰু নাইকি, হাবল’ট আদি প্ৰতিষ্ঠানৰ সৈতে বিজ্ঞাপন চুক্তিয়ে তেওঁৰ আয় অধিক বৃদ্ধি কৰিছে।

হালাণ্ড, কেন, চালাহৰ সম্পত্তিৰ পৰিমান কিমান?

এই তালিকাত ইজিপ্তৰ মোহাম্মদ চালাহ আৰু ইংলেণ্ডৰ হেৰী কেনৰ নামো উল্লেখযোগ্য। লিভাৰপুলৰ তাৰকা মোহাম্মদ চালাহৰ মুঠ সম্পত্তি প্ৰায় ১৪০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ১,২০০ কোটি), যাৰ ফলত তেওঁ আফ্ৰিকাৰ অন্যতম ধনী ফুটবলাৰ হিচাপে পৰিগণিত হৈছে।
বায়াৰ্ন মিউনিখৰ হৈ খেলা হেৰী কেনৰ সম্পত্তিও প্ৰায় ১৪০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ১,২০০ কোটি)। মানচেষ্টাৰ চিটিৰ তাৰকা কেৱিন ডি ব্ৰুইনেৰ মুঠ সম্পত্তি প্ৰায় ১৩০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ১,১২০ কোটি), আনহাতে একে ক্লাবৰ নৰৱেৰ যুৱ তাৰকা এৰ্লিং হালাণ্ডৰ সম্পত্তি প্ৰায় ১০০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৮৬০ কোটি)।

ইয়াৰ উপৰিও লছ এঞ্জেলেছ এফ চিৰ হৈ খেলা দক্ষিণ কোৰিয়াৰ ছন হিউং-মিনৰ সম্পত্তি প্ৰায় ১০০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৮৬০ কোটি)। তেওঁ এছিয়াৰ অন্যতম সৰ্বাধিক জনপ্ৰিয় ক্ৰীড়া আইকন হিচাপে পৰিচিত।

আল নাছৰৰ ছাদিঅ’ মানেৰ মুঠ সম্পত্তিও প্ৰায় ১০০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৮৬০ কোটি)। আনহাতে, ৰিয়েল মাদ্ৰিদৰ উদীয়মান তাৰকা ভিনিছিয়াছ জুনিয়ৰৰ সম্পত্তি প্ৰায় ৮০ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৬৯০ কোটি) আৰু একে ক্লাবৰ অভিজ্ঞ মিডফিল্ডাৰ লুকা মড্ৰিচৰ সম্পত্তি প্ৰায় ৭৫ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৬৪৫ কোটি) বুলি ধৰা হয়।

এইসকল ফুটবলাৰে খেলপথাৰত সাফল্য লাভ কৰাৰ লগতে বিজ্ঞাপন, ব্যৱসায় আৰু বিনিয়োগৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা অৰ্জন কৰি বিশ্বৰ সৰ্বাধিক ধনী ক্ৰীড়াবিদসকলৰ মাজত নিজৰ স্থান সুদৃঢ় কৰি ৰাখিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cristiano ronaldo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

'দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ' কাৰ এই দাবী?

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.