- ভাৰতত শিক্ষক দিৱস পালিত হয় ৫ ছেপ্টেম্বৰত৷
- শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সন্মান জনোৱাৰ বাবেই ৫ ছেপ্টেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে বাচি লোৱা হৈছে৷
- জানি থওক এই দিনটোৰ নেপথ্যত থকা ইতিহাস৷
শিক্ষক হৈছে সমাজ গঢ়াৰ কাৰিগৰ৷ ভৱিষ্যৎ প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে শিক্ষকে৷ সমগ্ৰ বিশ্বত ৫ অক্টোবৰত আন্তৰ্জাতিক শিক্ষক দিৱস পালন কৰা হয়৷ কিন্তু ভাৰতত শিক্ষক দিৱস পালিত হয় ৫ ছেপ্টেম্বৰত৷ ভাৰতৰ প্ৰতি শিক্ষাক্ষেত্ৰত মহাসমাৰোহৰ সৈতে এই দিনটো পালন কৰা হয়৷ শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সন্মান জনোৱাৰ বাবেই ৫ ছেপ্টেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে বাচি লোৱা হৈছে৷ জানক ইয়াৰ নেপথ্যৰ ইতিহাস?
শিক্ষক দিৱসৰ ইতিহাস
১৮৮৮ চনৰ ৫ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে৷ তেওঁৰ স্মৰণতেই এই তাৰিখটোক দেশজুৰি শিক্ষক দিৱসৰ ইতিহাস সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সৈতে সম্পৰ্কিত৷ ৰাধাকৃষ্ণণে চেন্নাইৰ প্ৰেছিডেন্সি কলেজ আৰু কলকাতা বিশ্ববিদ্যালয়সহ বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে৷ তেওঁ অন্ধ্ৰপ্ৰদেশ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰে৷
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে যেতিয়া ১৯৬২ চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে, তেতিয়া তেওঁৰ ছাত্ৰসকলে ৫ ছেপ্টেম্বৰক এক বিশেষ দিন হিচাপে উদযাপন কৰাৰ অনুমতি বিচাৰে৷ কিন্তু ৰাধাকৃষ্ণণে সেই অনুৰোধত কয়, তেওঁৰ বিশেষ দিন হিচাপে উদযাপন কৰাৰ সলনি এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ নথৈ আনন্দিত হব৷ এনেকৈয়ে ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস পালিত হবলৈ আৰম্ভ হয়৷
শিক্ষক দিৱসৰ গুৰুত্ব
এই দিনটো সকলো শিক্ষকৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনোৱাৰ দিন৷ সমগ্ৰ দেশত ৫ ছেপ্টেম্বৰত স্কুল, কলেজ, উচ্চ শিক্ষা, প্ৰতিষ্ঠান, কোচিং চেণ্টাৰসহ সমস্ত শিক্ষাক্ষেত্ৰত ডক্টৰ ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়৷ এইদিনটোত শিক্ষকসকলক শুভেচ্ছা বাৰ্তা, কাৰ্ড, ফুল, মিঠাই আৰু উপহাৰ দি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















