Zomato ফুড ডেলিভাৰী এজন বয়ক জোতাৰে এগৰাকী মহিলাই প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ১৬ আগষ্টৰ বুলি কোৱা হৈছে। এই ভিডিঅ’টো টুইটাৰত dj নামৰ এজন টুইটাৰ য়ুজাৰে পোষ্ট কৰিছে।
টুইটাৰ য়ুজাৰজনে দাবী কৰে যে ডেলিভাৰী বয়জনে তেওঁৰ অৰ্ডাৰ লৈ গৈছিল আৰু ক্লীপটো এজন বাইষ্টেণ্ডাৰে ৰেকৰ্ডিং কৰিছিল। কেপচনত লিখা আছিল, ‘‘কোনোবা মহিলাই তেওঁৰ পৰা অৰ্ডাৰ লৈ জোতাৰে প্ৰহাৰ কৰিবলৈ ধৰিলে।’’ ইয়াৰ উপৰিও কোৱা হৈছে যে ডেলিভাৰী বয়জনে ‘‘তেওঁ চাকৰি হেৰুৱাব বুলি আশংকা কৰিছিল৷’’
Hi @zomatocare @zomato, the delivery executive got assaulted while delivering my order (#4267443050). Some woman took the order from him and started hitting him with her footwear. He came to my place crying and terrified that he would lose his job. pic.twitter.com/8VQIaKVebz
— dj (@bogas04) August 15, 2022
লগতে পঢ়ক পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!
ঘটনাটো ক’ত সংঘটিত হৈছিল সেই বিষয়ে ব্যৱহাৰকাৰীয়ে কোনো তথ্য উল্লেখ কৰা নাই। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেটনাগৰিকে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
এজনে লিখিছে, ‘‘এই কাণ্ডৰ বিষয়ে জানিব পৰাৰ পিছত তেওঁ Zomatoৰ কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিছিল যে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই? মহিলাগৰাকীয়ে তেওঁৰ লগত কিয় এনে ব্যৱহাৰ কৰিছে সেয়াও জানিবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই কথা জানিব পৰা হোৱা নাছিল।’’
ভিডিঅ’টোত ডেলিভাৰী বয়জনে অৰ্ডাৰ দিবলৈ গৈ আছিল। ভিডিঅ’ ক্লিপটোত Zomato ডেলিভাৰী বয়জনক নিৰৱে থিয় হৈ থকা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ