ব্ৰাজিলৰ বিখ্যাত মডেল আৰু প্ৰভাৱশালী আৰ্থাৰ উৰ্চোৰ এগৰাকী বা দুগৰাকী নহয়, আঠগৰাকী পত্নী আছে আৰু সকলো পত্নীয়ে তেওঁৰ লগত থাকে। আৰ্থাৰ অ’ উৰ্চোৱে সকলো পত্নীৰে সুখেৰে একেলগে থাকিবলৈ ৭৫০০ বৰ্গফুটৰ এটা বিলাসী প্ৰাসাদ নিৰ্মাণ কৰি আছে, যাৰ নাম ৰাখিছে ‘মেনচন অৱ ফ্ৰী লাভ’।
উল্লেখ্য যে মডেল তথা প্ৰভাৱশালী আৰ্থাৰ উৰ্চোৱে ২০২১ চনত একেলগে ৯ গৰাকী যুৱতীক বিয়া কৰাই চাঞ্চল্যৰ সৃষ্টি কৰি সংবাদ শিৰোনাম দখল কৰিছিল। কিন্তু পিছলৈ আৰ্থাৰৰ এগৰাকী পত্নীয়ে বিবাহ বিচ্ছেদ কৰে, কাৰণ তেওঁ নিজৰ স্বামীক আন কোনো মহিলাৰ সৈতে সহবাস কৰাতো নিবিচাৰিলে।
কিন্তু আৰ্থাৰৰ এই বিবাহ আনুষ্ঠানিকভাৱে বৈধ নহয়, কাৰণ ব্ৰাজিলত এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰোৱাটো আইনীভাৱে বৈধ নহয়। কিন্তু, আৰ্থাৰ নিজৰ জীৱনটোক লৈ অতিশয় উৎসাহিত আৰু তেওঁৰ পত্নীসকলো তেওঁৰ সৈতে অতি সুখী।
লগতে পঢ়ক Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?
আনফালে আৰ্থাৰ অ’ উৰ্চোৰ এই জীৱনশৈলীক লৈ ব্ৰাজিলৰ বহু লোক সুখী নহয়৷ আৰ্থাৰৰ ঘৰৰ এখন দেৱালত কোনোবাই ডেমন (দানৱ) বুলি লিখিছিল। তেওঁৰ ঘৰৰ বেৰত লিখা আছিল, ‘দানৱ পৰিয়াল, আঁতৰি যাওক, আমি আপোনালোকক আদৰি নলওঁ।’
এই বিষয়ে আৰ্থাৰে কয় যে সেই দিনটো অতি হতাশাজনক আছিল, যেতিয়া দেৱালত এই কথা লিখা হৈছিল। আমাক শান্তি লাগে। তেওঁ কয় যে ৰাতিপুৱা নিৰ্মাণকাৰী দল অহাৰ পাছত গেট খুলিয়েই গম পালো যে কোনোবাই এনে এটা মেছেজ দেৱালত লিখিছে।
আৰ্থাৰ অ’ উৰ্চোৰ বাবে সকলো পত্নীক সময় দিয়াটো সহজ নাছিল আৰু ইয়াৰ বাবে তেওঁ চেক্স ৰ’টা প্ৰস্তুত কৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ কোন পত্নীৰ লগত কেতিয়া আৰু কিমান সময় কটাব সেই সূচী নিৰ্ধাৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ