অসম আৰক্ষীৰ কিছুসংখ্যক বিষয়াৰ কৰ্মকাণ্ডই অসম আৰক্ষী নাক-কণা কাটি লজ্জানত কৰি অহাটো নতুন কথা হৈ থকা নাই৷ এইবাৰ আকৌ অসম আৰক্ষীৰ এগৰাকী বিষয়াই অসম আৰক্ষীৰ নাক-কাণ কাটি লজ্জানত কৰাৰ অভিযোগ উঠিছে৷
অভিযোগ অনুসৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ এগৰাকী উপ পৰিদৰ্শকৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ দৰে অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাসে দুপৰ নিশা পৰকীয়া প্ৰেমিকাৰে প্ৰেমালাপ কৰিবলৈ গৈ ধৰা পৰিছে৷
লগতে পঢ়ক সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!
বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুকুন্দপুৰৰ এঘৰ মানুহৰ ঘৰত নিশা ১ বজাত সংগোপনে প্ৰৱেশ কৰি ধৰা পৰে৷ অভিযোগ অনুসৰি উপ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে নিশা প্ৰায় ১ বজাত পিছ দুৱাৰেদি প্ৰৱেশ কৰে৷
তেনে সময়তে গৃহস্থই নিশা প্ৰস্ৰাৱ কৰিবলৈ উঠি দেখে পিছ দুৱাৰ ফালে এযোৰ চেন্দেল দেখা পোৱাৰ লগতে পিছ দুৱাৰ খোলা দেখা পায়৷ ইয়াৰ পিছতে কোনো চোৰে ঘৰত প্ৰৱেশ কৰাৰ সন্দেহত তেওঁলোকে হূলস্থুল কৰাত দুৱাৰ ফাঁকৰ পৰা আৰক্ষী উপ পৰিদৰ্শক উজ্জ্ব কুমাৰ দাসে উলাই আহি পুনৰ পিছ দুৱাৰেদি পলাই পত্ৰং দিয়ে৷
ইফালে এই সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰে পৰিয়ালটোৰ এগৰাকী সদস্যই৷ প্ৰথমাৱস্থাত লোকজনক তেওঁলোকে চিনি পোৱা নাছিল যদিও অৱশেষত সেই লোকজন বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাস বুলি নিশ্চিত হয়৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানাত অভিযোগ কৰে৷
লগতে পঢ়ক Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?
অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে পৰিয়ালটোৰ এগৰাকী বোৱাৰীয়েকৰ পৰা নিশা ১ বজাত তেওঁৰ প্ৰাপ্য ধন বিচাৰিহে গৈছিল৷ কিন্তু প্ৰাপ্য ধন বিচাৰি নিশা ১ বজাত এটা হাফপেণ্ট পিন্ধি কোনো লোকৰ ঘৰত সংগোপনে প্ৰৱেশ কৰে নেকি বুলি প্ৰশ্ন কৰাত বিষয়াগৰাকী বিব্ৰতবোধ কৰে বুলিও প্ৰকাশ কৰিছে৷
ইফালে পৰিয়ালটোৱে অভিযোগ কৰে যে উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাসৰ তেওঁলোকৰ ঘৰৰ এগৰাকী বোৱাৰীয়েকেৰে অবৈধ সম্পৰ্ক আছে৷ আৰু সেই সূত্ৰেই বিষয়াগৰাকীয়ে ৰাতি ১ বজাত সংগোপনে ঘৰত প্ৰৱেশ কৰিছিল৷
জনহিতাৰ্থে উছৰ্গিত অসম আৰক্ষীয়ে দুপৰ নিশা ১ বজাত সংগোপনে আনৰ ঘৰত অবৈধ প্ৰণয়ৰ বাবে প্ৰৱেশ কৰি হাতে-লোটে ধৰা পৰা আৰক্ষী উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ