দেওবাৰে ছিংগাপুৰে ঘোষণা কৰে যে বিবাহৰ সংজ্ঞা সুৰক্ষিত কৰা ঔপনিৱেশিক যুগৰ আইন বাতিল কৰি পুৰুষৰ মাজৰ অৰ্থাৎ সমকামীৰ যৌনতাক অপৰাধমুক্ত কৰিব। ছিংগাপুৰৰ বাৰ্ষিক ৰাষ্ট্ৰীয় দিৱসৰ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙে কয় যে তেওঁ বিশ্বাস কৰে যে দেশখনৰ বেছিভাগ মানুহেই গ্ৰহণ কৰা ‘কাম কৰাটো এতিয়া সঠিক সময়’।
লুঙে নিজৰ ভাষণত কয় যে ইয়াৰ ফলত আইনখন বৰ্তমানৰ সামাজিক আৰ্হিৰ সৈতে একে হ’ব আৰু মই আশা কৰিছো যে ই ছিংগাপুৰৰ সমকামীসকলক কিছু সকাহ দিব।
লগতে পঢ়ক এই দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰে এই আচৰিত কাম! কি এই কাম?
সমলিংগ বিবাহৰ অনুমতি দিয়াৰ ক্ষেত্ৰত যাতে কোনো সাংবিধানিক প্ৰত্যাহ্বান আহিব নোৱাৰে তাৰ বাবেও চৰকাৰে সংবিধান সংশোধন কৰিব বুলিও তেওঁ কয়।
৩৭৭এ অনুচ্ছেদ বাতিল হোৱাৰ পিছতো আমি বিবাহৰ অনুষ্ঠানটোক ৰক্ষা কৰি সুৰক্ষিত কৰিম বুলিও কয় লুঙে৷ ‘আমি সংবিধান সংশোধন কৰি ইয়াক সুৰক্ষিত কৰিব লাগিব। আৰু আমি সেই কাম কৰিম। ইয়াৰ দ্বাৰা আমি ৩৭৭এ ধাৰা নিয়ন্ত্ৰণ আৰু সাৱধানে বাতিল কৰাত সহায়ক হ’ব।’ প্ৰধানমন্ত্ৰী লুঙে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ