আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত সংঘটিত হয় এক ভয়ংকৰ অঘটন৷ ৰাজধানী বুয়েনছ এয়ৰেছৰ Independence Station নামৰ ৰে’ল ষ্টেচনত কেণ্ডেলা এগৰাকী যুৱতী হঠাতে অচেতন হৈ চলন্ত ৰে’লৰ তলত সোমাই যায়৷
অন্য যাত্ৰীৰ লগতে কেণ্ডেলাও ৰে’লৰ অপেক্ষাত ৰৈ আছিল৷ তেনেত হঠাৎ ৰক্তচাপ বৃদ্ধি পোৱাৰ ফলত ষ্টেচনতে অচেতন হৈ পৰে কেণ্ডেলা৷ ষ্টেচনৰ CCTVত বন্দী হোৱা দৃশ্যবোৰত মহিলাগৰাকীয়ে কেনেকৈ চলন্ত ৰে’লৰ তলত সোমাই যায় সেয়া দেখা গৈছে৷
অৱশ্যে কাষত থকা যাত্ৰীসকলে ৰে’লখন ৰখাৰ পাছতে অচেতন মহিলাগৰাকীক ৰক্ষা কৰিবলৈ দৌৰি গৈ কেণ্ডেলাক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়৷ যাত্ৰীসকলে সুকলমে তেওঁক উদ্ধাৰ কৰি প্লেটফৰ্মত থকা হুইলচেয়াৰত বহুৱাই চিকিত্সালয়লৈ লয় যায়৷
So this happened recently in #BuenosAires #Argentina
This woman apparently fainted and she fell under on an oncoming train, BUT SHE SURVIVED! She’s now out of the hospital 🙏 pic.twitter.com/EQA2V4foh9
— Diamond Lou®™ 🔞 (@DiamondLouX) April 19, 2022
লগতে পঢ়ক ১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?
কেণ্ডেলাক বুয়েনছ আইৰেছ চিকিৎসালয়ত ভর্তি কৰোৱা হয় আৰু চিকিৎসকে তেওঁ বিপদমুক্ত বুলি ঘোষণা কৰে৷
ইয়াৰ পিছতে এটা সাক্ষাৎকাৰত কেণ্ডেলাই কৈছে— ‘‘মই এতিয়াও নাজানো মই কেনেকৈ বাছি গ’লো৷ মই এতিয়াও সম্পূৰ্ণ ঘটনাটো বুজিবলৈ চেষ্টা কৰি আছো। মোৰ অনুভৱ হৈছিল মই যেন পুনৰ জন্ম হৈছে৷’’
লগতে পঢ়ক পত্নী পৰ্ণ তাৰকা! পাঁচ সন্তানৰ সন্মুখতে ছুৰিকাঘাত কৰি হত্যা স্বামীৰ
লগতে তেওঁ কৈছিল যে— ‘‘মোৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু মই অজ্ঞান হৈ পৰিছিলো। আনকি মই ৰে’লখনত খুন্দা মৰাৰ মুহূৰ্তত, মই মোৰ কাষৰ ব্যক্তিজনক সতৰ্ক কৰিবলৈ চেষ্টা কৰিছিলো, তাৰ পাছৰে পৰা মোৰ আন একো মনত নাই।’’
উল্লেখ্য যে যোৱা মাহতো ভাৰতৰ গুজৰাটত তেনে এটা তদ্ৰূপ ঘটনা সংঘটিত হৈছিল৷ গুজৰাটৰ ছুৰাটত চলন্ত ৰে’ল আৰু প্লেটফৰ্মৰ মাজত পিছলি পৰিছিল এজন লোক৷ অৱশ্যে লোকজন জীৱন ৰক্ষা পৰিছিল৷ এজন যুৱকে চলন্ত ৰে’লৰ পৰা জঁপিয়াই নামিবলৈ চেষ্টা কৰোতে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ