ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ৷ এই দৃশ্য মঙলদৈৰ৷ মহিলাই সমূহীয়াভাৱে নামাজ কৰিছে৷
মঙলদৈৰ বান্দিয়া ঈদগাহ ময়দানত মহিলাৰ নামাজ। পুৰুষৰ সমানে নামাজলৈ ওলাই আহিছে মহিলাসকল৷
বান্দিয়া গাঁৱৰ এই পৰম্পৰা ১৯৯৮ চনৰ পৰাই চলি আহিছে বাঘপৰী, অগলাচৰ, মধুচৰ আদি গাঁৱৰ মহিলাই ঈদৰ নামাজত অংশগ্ৰহণ কৰি আহিছে৷
এইবাৰো মহিলাসকলে এনেদৰেই ঈদৰ নামাজ কৰে৷ ঈদৰ দিনা মঙলদৈত পুৰুষৰ সমানে মহিলাৰ নামাজ বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ