অসম লাইভ২৪ঃ এই পৃথিৱীত প্ৰেমৰ গল্পৰ জানো আকাল আছে। প্ৰেম আছে বাবেইতো এই পৃথিৱী ইমান সুন্দৰ। তাৰমাজতেই এনে কিছু ব্যতিক্ৰম প্ৰেমগাথা থাকে যি প্ৰেমে কোটি কোটি জনৰ মন চুই যায়। যি প্ৰেমে আমাক জীৱনবোধ শিকাই যায়। তেনে প্ৰেমই আছে মাৰ্গাৰেট মেকলামৰ জীৱনতো। তেওঁৰ কাহিনী অইন ১০০টা প্ৰেম কাহিনীতকৈ কিছু পৃথক। স্বামীক কাষত নোপোৱা প্ৰায় ১৬ বছৰেই হ’ল। কিন্তু এই ১৬ বছৰত প্ৰতিদিনেই তেওঁ স্বামীৰ কণ্ঠস্বৰ শুনে। এইয়া কোনো সাধুকথাও নহয়। সঁচা অৰ্থত প্ৰত্যেকদিনেই তেওঁ স্বামীৰ কণ্ঠ শুনা পায়। কিন্তু ঘৰত তেওঁ সেই কণ্ট নুশুনে। স্বামীৰ কণ্ঠ শুনিবৰ বাবে প্ৰত্যেকদিনাই তেওঁ এটা বিশেষ মেট্ৰ ষ্টেচনলৈ যায়। শীত হওক বা বৰ্ষা সেই বিশেষ সময়খিনিত তেওঁ বিশেষ মেট্ৰ ষ্টেচনত সদায়েই উপস্থিত হয়। উদ্দেশ্যও এটাই স্বামীৰ কণ্ঠস্বৰ শুনা। লণ্ডনৰ এমবেংকমেণ্ট মেট্ৰ ষ্টেচনত তেওঁ সদায়ে উপস্থিত হৈ স্বামীৰ কণ্ঠস্বৰ শুনি আকৌ ঘৰমূৱা হয়।

লণ্ডনৰ এমবেংকমেণ্ট মেট্ৰো ষ্টেচনত বহি তেওঁ স্বামীৰ কণ্ঠস্বৰ শুনে। ২০০৭ চনতেই মাৰ্গাৰেটৰ স্বামী এছৱাল্ড লৰেন্সৰ মৃত্যু হৈছে। লৰেন্স আছিল থিয়েটাৰ অভিনেতা। ইয়াৰোপৰি তেওঁ লণ্ডনৰ মেট্ৰ তথা আণ্ডাৰগ্ৰাউণ্ডৰ ঘোষক আছিল। ১৯৫০ চনত তেওঁৰ কণ্ঠত ৰেকৰ্ড কৰা হৈছিল, ‘অনুগ্ৰহ কৰি দূৰত্ব বজায় ৰাখক।’ লৰেন্সৰ এই কণ্ঠস্বৰ তেতিয়াৰে পৰাই লণ্ডনৰ মেট্ৰ ষ্টেচনত আছে। লৰেন্সৰ এই কণ্ঠস্বৰতেই যাত্ৰীসকল সতৰ্ক হয়। মেট্ৰ ৰেলত যেতিয়া ষ্টেচনলৈ প্ৰৱেশ কৰে তেতিয়া এই ঘোষণা শুনি দূৰত্ব বজাই ৰাখি লাইনত থিয় হয় যাত্ৰী। অভিনয়ৰ ওপৰিও এটা পৰ্যটন সংস্থাৰ সৈতেও লৰেন্সে কাম কৰিছিল। ১৯৯২ চনত মৰক্কোত মাৰ্গাৰেটৰ সৈতে পৰিচিত হৈছিল লৰেন্স। সেই দেখাতেই প্ৰেম। লৰেন্স আৰু মাৰ্গাৰেটৰ মাজত প্ৰেম বিবাহ হয়। তেতিয়াৰে পৰাই ১৫ বছৰ ধৰি দুয়ো একেখন ছাদৰ তলতে বসবাস কৰি আছিল। কিন্তু জীৱনৰ শেষ সত্য মানি ২০০৭ চনত ৮৬ বছৰ বয়সত প্ৰাণ হেৰুৱাই লৰেন্সে। স্বামীৰ মৃত্যুত ভাঙি পৰে মাৰ্গাৰেট। তাৰপিছতেই হাহাকাৰ কৰি থকা মনটোক অকণ বুজনি দিবলৈকে তেওঁ লণ্ডনৰ মেট্ৰ ষ্টেচনলৈ স্বামীৰ মাত শুনিবলৈকে যাব ধৰিলে।

প্ৰথমে তেওঁ এদিন দুদিন গৈছিল। কিন্তু লাহে লাহে এয়া অভ্যাসতেই পৰিণত হৈ পৰিল। স্বামীৰ মাত দিনটোত এবাৰ শুনিবলৈকে সেই ষ্টেচনলৈ যোৱা কৰিলে মাৰ্গাৰেটে। বাৰে বাৰে স্বামীৰ কণ্ঠ শুনিয়েই স্বামীহীনতাৰ যন্ত্ৰণাক পাহৰি থকাৰো চেষ্টা কৰে মাৰ্গাৰেটে। বিবিচিৰ সন্মুখত দিয়া এক সাক্ষাৎকাৰত মাৰ্গাৰেটে কয়, ‘লৰেন্সৰ মৃত্যুৰ পাছত মই প্ৰত্যেক দিনাই এই ষ্টেচনলৈ আহো। ক্ষন্তেক মেট্ৰ ষ্টেচনত বহো। অপেক্ষা কৰো, পৰবৰ্তী ট্ৰেইন কেতিয়া আহিব। কেতিয়া তেওঁৰ কণ্ঠটো শুনো।’

কিন্তু ২০১২ চনৰ নৱেম্বৰ মাহৰ এটা দিনত পূৰ্বৰ দৰেই তেওঁ ষ্টেচনত বহি আছিল। তেওঁ বহি থকাৰ সময়তে কেইবাখনো ট্ৰেইন তেওঁৰ সন্মুখেৰে পাৰ হৈ গ’ল। কিন্তু ঘোষণাত লৰেন্সৰ মাত আৰু শুনা নগ’ল। লগে লগেই মাৰ্গাৰেটে মেট্ৰোৰেলৰ কৰ্তৃপক্ষৰ সৈতে বিষয়টো সন্দৰ্ভত বুজ ল’বলৈ চেষ্টা কৰে। কিয় লৰেন্সৰ মাত বন্ধ কৰি দিয়া হ’ল সেই বিষয়েও প্ৰশ্ন কৰে। তেতিয়া মেট্ৰ কৰ্তৃপক্ষই কয় যে নতুন ডিজিটেল প্ৰযুক্তিৰ মাধ্যমেৰে এতিয়াৰে পৰা মেট্ৰৰ ঘোষণাসমূহ কৰা হ’ব। নতুন ব্যৱস্থাত লৰেন্সৰ কণ্ঠস্বৰ আৰু ব্যৱহাৰ কৰা নহ’ব। এই কথা শুনিয়েই মাৰ্গাৰেট ভাঙি পৰে। কৰ্তৃপক্ষক তেওঁ কয় যে স্বামীৰ কণ্ঠস্বৰ শুনিবলৈকে তেওঁ সদায়ে এমবেংকমেণ্ট ষ্টেচনত বহি থাকে।

মাৰ্গাৰেটৰ এই কথা শুনি কৰ্তৃপক্ষৰো মন বেয়া হয়। লৰেন্সৰ ঘোষণাৰ সেই ৰেকৰ্ড মাৰ্গাৰেটক দিয়ে মেট্ৰ কৰ্তৃপক্ষই। ইয়াৰোপৰি তেওঁ কয়, এমবেংকমেণ্ট ষ্টেচনত যাত্ৰীসকলক সতৰ্ক কৰাৰ বাবে লৰেন্সৰ কণ্ঠস্বৰ বাহাল ৰাখিব। লণ্ডনৰ মেট্ৰ পৰিচালনাৰ দায়িত্বত থকা মুখপাত্ৰই এই সন্দৰ্ভত কয়, ‘মাৰ্গাৰেটৰ কথাই আমাৰ মন চুই গ’ল। সেয়ে তেওঁৰ স্বামী লৰেন্সৰ ঘোষণাৰ ৰেকৰ্ডৰ পৰা ৰেকৰ্ড কৰি তেওঁক সেই কণ্ঠৰ ৰেকৰ্ড প্ৰদান কৰিছো। ইয়াৰোপৰি আমাৰ এই ষ্টেচনটোত তেওঁৰ স্বামীৰ কণ্ঠস্বৰেই আমি ৰাখিম। লণ্ডনৰ সকলো মেট্ৰ ষ্টেচনত ডিজিটেল ঘোষণা হ’লেও একমাত্ৰ ৱেষ্টমিনষ্টাৰৰ এমবেংকমেণ্ট ষ্টেচনতেই লৰেন্সৰ কণ্ঠৰ সেই স্বৰ, ‘অনুগ্ৰহ কৰি দূৰত্ব বজায় ৰাখক’ বুলি শুনা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















