বিশ্বৰ সৰ্বাধিক প্ৰজনন ক্ষমতাৰ অধিকাৰী মহিলাগৰাকী তথ্য সংবাদ মাধ্যমলৈ পোহৰলৈ আহিছে৷ উক্ত মহিলাগৰাকী হ’ল পূব আফ্ৰিকাৰ উগাণ্ডাৰ মৰিয়ম নাবাটাঞ্জী৷ মৰিয়মৰ বৰ্তমান বয়স হৈছে ৪৩ বছৰ৷ অআৰু ৪৩ বছৰতে তেওঁ ৪৪ টাকৈ সন্তানৰ মাতৃ হৈছে৷
প্ৰকাশিত খবৰ মতে মাত্ৰ ৩ বছৰ বয়সতে মাতৃয়ে এৰি থৈ যোৱা মৰিয়মে আইতাকৰ সৈতে ডাঙৰ দীঘল হয়৷ মাত্ৰ ১২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হয় মৰিয়ম৷ বিয়াৰ পিছতে মৰিয়মে প্ৰথমে যমজ সন্তানৰ মাতৃ হয়৷ মৰিয়মে যমজ সন্তান জন্ম দিয়াত পৰিয়ালৰ সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছিল৷
প্ৰথমবাৰ যমজ সন্তান জন্ম দিয়া মৰিয়মে দ্বিতীয়বাৰো যমজ সন্তান জন্ম দিয়ে৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে মৰিয়মে একেৰাহে চতুৰ্থবাৰলৈকে যমজ সন্তান জন্ম দিয়ে৷
লগতে পঢ়ক পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…
ইয়াৰ পিছতে মৰিয়মে উপলব্ধি কৰে যে তেওঁৰ চাগে ক’ৰবাত এটা সমস্যা আছে। ইফালে দৰিদ্ৰ মৰিয়মৰ সন্তানৰ সংখ্যাই পৰিয়ালটোত আৰ্থিৰ সমস্যাও বৃদ্ধি হ’বলৈ ধৰিলে৷ ইয়াৰ মাজতে প্ৰথমে মৰিয়মে স্থানীয় চিকিৎসকৰ ওচৰত চিকিৎসা কৰে৷ কিন্তু তাত তেওঁৰ কোনো শাৰীৰিক বিসংগতি ধৰা নপৰিল৷
ইয়াৰ পিছতে তেওঁ এই সমস্যাটোৰ পৰা মুক্তি বিচাৰি ততাতৈয়াকৈ অভিজ্ঞ চিকিৎসক ওচৰলৈ গ’ল। অভিজ্ঞ চিকিৎসকে ধৰা পেলালে যে মৰিয়মৰ ডিম্বাশয়ৰ আকাৰ স্বাভাৱিকতকৈ আকাৰতৈ বৃহৎ। আনকি তেওঁৰ উৰ্বৰতাও সাধাৰণ নাৰীতকৈ অধিক।
লগতে পঢ়ক প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?
মৰিয়মে ইয়াৰ পিছতে নিজৰ স্বামীৰ লগত গোটেই বিষয়টো আলোচনা কৰে। কিন্তু স্বামীয়ে মৰিয়মৰ কথাত গুৰুত্ব নিদিলে। ইয়াৰ পিছতে মৰিয়মে চাৰিবাৰ তিনিটা সন্তান আৰু পাঁচবাৰ চাৰিটা সন্তান একেলগে জন্ম দিয়ে। মুঠতে ৪৪ বছৰীয়া মৰিয়মৰ ৪৩টা সন্তানৰ মাতৃ। অৱশ্যে তেওঁৰ ৫ টা সন্তানৰ মৃত্যু হয়। মৰিয়মৰ পৰিয়ালে ৩৬টা সন্তানৰ সৈতে স্বামীক পৰিত্যাগ কৰে।
দৰিদ্ৰতাই আগুৰি ধৰা মৰিয়মে কয় যে, অভাৱৰ পিছতো সুখৰ অভাৱ নাই। ৩৬টা সন্তানৰ সৈতে তেওঁ সুখেৰে দিন পাৰ কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ