এক ভয়ংকৰ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ এগৰাকী যৌন দাসীক নিজৰে এবছৰীয়া সন্তানৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ এক নাৰকীয় কাণ্ড সংঘটিত কৰিছিল বিশ্বত্ৰাসী সন্ত্ৰাসবাদী সংগঠন ISISএ৷
ইৰাকী সাংসদৰ উদ্ধৃতিৰে ইজিপ্তৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰা এই ভয়ংকৰ তথ্যত প্ৰকাশ পাইছে যে এগৰাকী যৌনদাসী সন্ত্ৰাসবাদী সংগঠনটোৱে তিনিদিন ধৰি আহাৰ খাবলৈ দিয়া হোৱা নাছিল৷
জিদান ইছমাইল নামৰ এজন ইয়েজিদি কৰ্মীয়ে নিজৰ টুইটাৰত সাংসদগৰাকীৰ মন্তব্যৰ কিয়দংশ প্ৰকাশ কৰি কয় যে ISISএ এই নাৰকীয় কাণ্ড সংঘটিত কৰিছিল৷
A sex slave captured by ISIS was forced to eat her 1-year-old son with a side of rice, according to a gut-wrenching report.
The unnamed Yezidi woman — who was starved for three days in an Iraq basement unwittingly ate the boy after barbaric guards cooked and served him to her1/2 pic.twitter.com/AEbN03TOnQ— Zidan Ismail (@zidan_yezidi) May 16, 2022
লগতে পঢ়ক নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
প্ৰকাশিত তথ্যৰ মতে তিনিদিন ধৰি ISISএ যৌনদাসী গৰাকীক আহাৰৰ যোগান ধৰা নাছিল৷ তিনিদিনৰ পিছতে মহিলাগৰাকীক ভাতৰ সৈতে একপ্লেট মাংস খাবলৈ দিয়া হৈছিল৷
তিনিদিন ধৰি একো খাবলৈ নোপোৱা ক্ষুৰ্ধাত মহিলাগৰাকীয়ে ভাতৰ লগত দিয়া সেই মাংস প্লেট খোৱাৰ পিছতে জানিব পাৰিছিল যে সেয়া তেওঁৰে এবছৰীয়া সন্তানৰ মাংস আছিল৷
প্ৰকাশিত খবৰ মতে ISISএ মহিলাগৰাকীৰ এবছৰীয়া সন্তানটোক তেওঁৰ পৰা কাঢ়ি নি হত্যা কৰিছিল৷ অৱশ্যে এই নাৰকীয় ঘটনাটোৰ বিষয়ে চলিত বৰ্ষৰ মে’ মাহতে জিদান ইছমাইলে টুইট কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ