জনসমুদ্ৰৰ মাজেৰে কাহিলীপাৰাৰ ঘৰত উপস্থিত হ’ল জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বাহন৷
কাহিলীপাৰাৰ বাসগৃহত সাজু কৰি তোলা হৈছে এটা বিশেষ কোঠা৷ সেই কোঠাতেই পৰিয়ালৰ লোকে জনাব শেষ শ্ৰদ্ধা৷
নিজ বাসগৃহত অন্তিম শয়নত প্ৰিয় শিল্পী জুবিন গাৰ্গ৷
বাসগৃহত শ্ৰদ্ধাঞ্জলি, আত্মীয় স্বজনৰ৷
বাহিৰত ৰৈ এতিয়াও ক্ৰন্দনৰত লাখ লাখ অনুৰাগী৷
দুঘণ্টা সময়ৰ বাবে ঘৰত ৰখা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ৷
স্বামী জুবিনৰ কাষত এঘণ্টা সময় কটাবলৈ অনুৰোধ জনাইছিল গৰিমা গাৰ্গে৷
সেই অনুৰোধ ৰক্ষা কৰিয়েই মুঠ দুঘণ্টা সময় কাহিলীপাৰাৰ ঘৰত থাকিব জুবিনৰ নশ্বৰ দেহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















