মানুহ, ইমান মানুহ…ঠিকেই শিকলি ছিঙি তুমি যাব নোৱৰা জুবিন৷ কাৰ চকুত আজি চকুপানী নাই৷ মুখ্যমন্ত্ৰীৰ পৰা পথত খুজি মাগি জীৱন কটোৱাজনলৈ, সকলো আজি ব্যস্ত৷ ব্যস্ততাৰ কাৰণেই জুবিন৷ জীয়াই থাকোতে জুবিনে কৈছিল, ঘেণ্টা কাকো খাতিৰ নকৰো, খাতিৰ নকৰাকৈয়ে জুবিন গুচি গ’ল, মানুহ ভালপোৱা জুবিনে খাতিৰ নকৰো বুলিওতো মানুহ এৰাই চলিব পৰা নাছিল৷ সেয়ে তেওঁৰ এই যাত্ৰাত আজি অগণন মানুহ৷
জুবিন নোহোৱা পৃথিৱীখনত কেনেকৈ জীয়াই থাকিব পাৰি সেই প্ৰশ্ন প্ৰায় প্ৰতিজনৰ মনত৷ কাৰণ ভূপেন হাজৰিকা গুচি যোৱাৰ পাছত জাতিটোক জীয়াই থাকিবলৈ জুবিনেই শিকাইছিল৷ দুখৰ সময়ত দুখৰ গান এটি, সুখৰ সময়ত সুখৰ গান এটি, অসমক প্ৰাণেৰে ভালপোৱা জুবিনে অসমীয়াক শিকাইছিল ভাষাটোক কেনেকৈ ভালপাব লাগে৷
জাতিপ্ৰেম কি জুবিনে অসমীয়াক শিকাইছিল, জাতিটোৰ সংকটকালত সেয়ে জুবিনৰ এটা আহ্বানতেই ওলাই আহিছিল হাজাৰ হাজাৰ জনতা৷ জুবিনে অসমীয়াক শিকাইছিল অসমীয়া গীতত কেনেকৈ ৱেষ্টাৰ্ণ মিউজিক এড কৰিব পাৰি৷ নিজকে ছচিয়লেফ্টিষ্ট বুলি দাবী কৰা জুবিনে শিকাইছিল জাতি, ধৰ্ম বৰ্ণ সকলোৰে উৰ্ধত মানুহ৷ মানুহক ভালপাব লাগে৷ প্ৰকৃতিক ভালপাব লাগে৷ সেই জুবিন আজি কফিনত উভতিছে৷ ছিংগাপুৰৰ অচিনাকি সাগৰে নুবুজিলে আমাৰ প্ৰাণতকৈয়ো আপোনৰ জুবিনৰ গভীৰতা৷ সেয়ে হয়তো ছিংগাপুৰৰ অচিনাকী সাগৰতেই জুবিনে ল’লে জীৱনৰ শেষ উশাহ৷
জুবিন নিৰৱে উভতি আহিছে, জুবিনে আজি কাকো আহ্বান জনোৱা নাই, আহক আমি একেলগে খোজ দিও বুলি জুবিনে কাকোৱেই মতা নাই, কিন্তু মানুহ আহিছে৷ জুবিন উভতি অহাৰ খবৰ শুনি সকলো আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















