অসম লাইভ ২৪ঃ আজি জনপ্ৰিয় বলিউড অভিনেতা আশীষ বিদ্যাৰ্থীয়ে কলকাতাৰ এটা ক্লাবত এক অনুষ্ঠানত অসমৰ ৰূপালী বৰুৱাক বিয়া কৰায়। জনপ্ৰিয় অভিনেতাগৰাকীয়ে ইয়াৰ পূৰ্বে অভিনেত্ৰী, গায়ক আৰু থিয়েটাৰ শিল্পী ৰাজোশী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
উল্লেখ্য যে, ৰূপালী বৰুৱা এগৰাকী ফেশ্বন উদ্যোগী আৰু কলকাতাৰ এক আপস্কেল ফেশ্বন উদ্যোগৰ সৈতে জড়িত। আশীষ বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাই তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে এই বিবাহ অনুষ্ঠিত কৰে। তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ পিছত আশীষ বিদ্যাৰ্থীয়ে কয়, “মোৰ জীৱনৰ এই পৰ্যায়ত, ৰূপালীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো এক অসাধাৰণ অনুভৱ। ৰাতিপুৱা আমাৰ আদালতত বিবাহ হৈছিল, তাৰ পিছত সন্ধিয়া একেলগে মিলিত হৈছিলো।”
প্ৰবীণ অভিনেতাজনৰ জন্ম ১৯৬২ চনৰ ১৯ জুনত দিল্লীত হৈছিল। আশীষ বিদ্যাৰ্থীয়ে ১৯৮৬ চনত আৰম্ভ হোৱা কেৰিয়াৰত কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালায়ালম, ইংৰাজী, ওড়িয়া, মাৰাঠী আৰু বঙালী চলচ্চিত্ৰত কাম কৰিছে। লগতে ২০০ খনতকৈও অধিক চলচ্চিত্ৰত ১১ টা ভাষাত কাম কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ