অসম লাইভ ২৪ঃ ‘ঘুংগত কী আৰ চে দিলবাৰ কা…’, ‘লাল হোথো পে…’ এই গীতকেইটা হয়তো আপোনাৰো প্ৰিয়। পিছে, এইবাৰ এই গীতকেইটাই লগালে অথন্তৰ। আদালতৰ শুনানি আৰম্ভ কৰিবলৈ লওঁতেই এজন অচিনাক্ত লোকে চিঞৰি চিঞৰি গালে জুহী চাওলাই অভিনয় কৰা এইকেইটা জনপ্ৰিয় গীত। গোচৰটো আছিল 5g প্ৰযুক্তিৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে বলীউডৰ মোহময়ী অভিনেত্ৰী জুহী চাওলাই দিল্লী উচ্চ ন্যায়ালয়ত 5g প্ৰযুক্তিৰ বিৰুদ্ধে দাখিল কৰিছিল এক গোচৰ। 5g নেটৱৰ্কৰ পৰা নিৰ্গত হোৱা তৰংগই আমাৰ পাৰিপাৰ্শ্বিক পৰিৱেশত সৃষ্টি কৰিবলগীয়া বিভিন্ন সমস্যাক লৈ উদ্বিগ্ন হৈ পৰিছিল অভিনেত্ৰীগৰাকী। সেই গোচৰৰ শুনানিত হঠাতে এজন অচিনাক্ত ব্যক্তিয়ে জুহী চাওলাই অভিনয় কৰা কেইবাটাও জনপ্ৰিয় গীত চিঞৰি চিঞৰি গাবলৈ ল’লে। যাৰ বাবে শুনানি গ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ল দিল্লী উচ্চ ন্যায়ালয়। বাৰম্বাৰ গীতৰ কলি ভাহি অহাত ন্যায়াধীশ জে আৰ মিৰ্দ্ধাই গান বন্ধ কৰাৰ নিৰ্দেশ দিয়ে লগতে বিশেষ ব্যক্তিজনলৈ আদালত অৱমাননাৰ জাননী জাৰি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ