আমাৰ বহুতৰে তিতা বা লেতেৰা কাপোৰ বাথৰুমত বহুদিন ৰখাৰ অভ্যাস আছে। কিন্তু বাস্তু শাস্ত্ৰৰ মতে এই সাধাৰণ ভুলটোৱে নিমিষতে ঘৰৰ সুখ, শান্তি আৰু সমৃদ্ধি কাঢ়ি নিব পাৰে। তিতা কাপোৰ বাথৰুমত ঘণ্টাৰ পিছত ঘণ্টা ৰাখিলে কি ক্ষতি হয় আৰু বাস্তুৰ নিয়ম কি কি জানি লওক।
বাস্তু মতে বাথৰুমটো ৰাহু আৰু কেতুৰ দ্বাৰা প্ৰভাৱিত ঠাই। লেতেৰা আৰু তিতা কাপোৰৰ যদি তাত দীৰ্ঘদিন ধৰি ৰখা হয়, তেন্তে ই ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। ফলত ঘৰৰ ইতিবাচক শক্তি ধ্বংস হ’বলৈ আৰম্ভ কৰে।
তিতা কাপোৰ বাথৰুমত এৰি দিয়া মানে ৰাহুৰ কু-প্ৰভাৱক নিমন্ত্ৰণ কৰা। বাস্তু শাস্ত্ৰৰ মতে এই অভ্যাসে পৰিয়ালত আৰ্থিক সংকটৰ সৃষ্টি কৰে। আয়ৰ ওপৰত ব্যয় বহুগুণ বৃদ্ধি পায় আৰু সঞ্চিত ধনো পানীৰ দৰে খৰচ হ’বলৈ আৰম্ভ কৰে।
জ্যোতিষ আৰু বাস্তুৰ মতে তিতা কাপোৰ সূৰ্য দেৱতাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে। আন্ধাৰ বা ভিজা পৰিবেশত তিতা কাপোৰ বাথৰুমত বহু সময় ৰাখি থৈ দিলে ৰাশিফলত সূৰ্য দুৰ্বল হৈ পৰে। ইয়াৰ ফলত সামাজিক প্ৰতিপত্তি হেৰুৱাব পাৰে আৰু কৰ্মক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি হ’ব পাৰে।
বাথৰুমত তিতা কাপোৰ জমা হোৱাৰ পৰাই এক প্ৰকাৰৰ গধুৰ আৰু অশুভ শক্তিৰ জন্ম হয়। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিয়ালৰ সদস্যৰ মানসিকতাত পৰে। ঘৰখনত অকাৰণতে খিংখিঙীয়া মেজাজ, ইজনে সিজনৰ প্ৰতি অনাস্থা, ভাতৃ-ভগ্নী বা দম্পতীৰ মাজত বহুত অশান্তিৰ সৃষ্টি হ’ব পাৰে।
যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি আছে কিন্তু ফল পোৱা নাই, তেন্তে বাথৰুমত কাপোৰ আছে নেকি পৰীক্ষা কৰক। বাস্তুৰ মতে বাথৰুমত লেতেৰা বা তিতা কাপোৰে পৰিয়ালৰ লোকৰ ভাগ্যত বাধা দিয়ে। ফলত চাকৰিৰ পদোন্নতি বা ব্যৱসায়ৰ অগ্ৰগতি স্তব্ধ হৈ পৰে।
বহুতে অলসতাৰে ৰাতি চাবোনৰ পানীত কাপোৰ তিয়াই পিছদিনা ৰাতিপুৱা ধুই দিয়ে। বাস্তু শাস্ত্ৰই ইয়াত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। নেতিবাচক শক্তি ৰাতি অধিক সক্ৰিয় হয় আৰু তিতা কাপোৰে সেই শক্তি শোষণ কৰে, যিটো পিছলৈ পিন্ধিলে শৰীৰ আৰু মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।
কাপোৰ ধোৱাৰ পিছত বাথৰুমত ওলোমাই থ’ব নালাগে । এবাৰ ধুই দিলে বাহিৰত ৰ’দত বা মুকলি বতাহত সোনকালে শুকুৱাই ল’ব লাগে। বাথৰুমৰ আৰ্দ্ৰতাই কাপোৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।
বাথৰুম সদায় পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিব লাগে। কাপোৰ ধোৱাৰ পিছত বাথৰুমৰ দুৱাৰখন বন্ধ কৰি ৰাখক আৰু পানী স্থবিৰ হ’বলৈ নিদিব, যাতে ৰাহু-কেতুৰ কু-প্ৰভাৱ দূৰ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















