অসম লাইভ ২৪ঃ নিখিল ভাৰত ছাত্ৰ সন্থা(AISA) আৰু বিপ্লৱী যুৱ সন্থা(RYA)ই শনিবাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত নতুন শিক্ষা নীতি(NEP) আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা(EIA Draft 2020) ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিহালী, মৰিয়নী, টিংখাং, তিনিচুকীয়া আদিত মানৱ শৃংখল কাৰ্যসূচী হোৱাৰ লগতে গুৱাহাটী, নলবাৰী, বৰপেটা আদিত ছাত্ৰ-ছাত্ৰীয়ে লক ডাউনৰ বাবে ঘৰৰ পৰাই প্ৰতিবাদত অংশগ্ৰহণ কৰে।
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বাতিল কৰক, পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা (EIA Draft 2020) বাতিল কৰক, ৰাজহুৱা শিক্ষানুষ্ঠান ৰক্ষা কৰক, শিক্ষাৰ ব্যৱসায়ীকৰণ কৰা ষড়যন্ত্ৰ বাতিল কৰক, অসমৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰক, পৰিৱেশ ৰক্ষা কৰক ইত্যাদি বিভিন্ন শ্ল’গানেৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এক প্ৰেছ বিজ্ঞপ্তিযোগে আইছাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাস, বিপ্লৱী যুৱ সন্থাৰ আহ্বায়ক নোমল চাওৰা, পৰিমল গোড়য়ে কয় যে বিজেপি চৰকাৰে কৰ্প’ৰেট গোষ্ঠী, বৃহৎ পুঁজিপতি ব্যৱসায়িক গোষ্ঠীৰ স্বাৰ্থত ২০০৬ চনৰ পৰিৱেশ প্ৰভাৱ নিৰূপণ আইনখন সলনি কৰিবলৈ পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা জাৰি কৰিছে যাতে কৰ্প’ৰেট গোষ্ঠী, বৃহৎ পুঁজিপতিসকলে মুনাফা আহৰণৰ স্বাৰ্থত বাধাহীনভাৱে পৰিৱেশ, জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিব পাৰে আৰু প্ৰাকৃতিক সম্পদ ধ্বংস কৰিব পাৰে। এই অধিসূচনা আইনত পৰিণত হ’লে উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ প্ৰাকৃতিক সম্পদেৰে চহকী অসম কৰ্প’ৰেট গোষ্ঠীৰ লুণ্ঠনৰ চৰণীয়া পথাৰত পৰিণত হব, প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ ফলত পৰিৱেশ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিব। দিহিং পাটকাই কয়লা খনন, বাঘজানৰ তেলখাদৰ বিস্ফোৰণ, সোৱণশিৰিৰ বৃহৎ নদীবান্ধ আদিৰ দৰে পৰিৱেশ জৈৱ-বৈচিত্ৰ্য ধ্বংসকাৰী লুণ্ঠনক আইনসংগত কৰিব, ইয়াত অসমৰ জনগণৰ মাত মতাৰ কোনো অধিকাৰ নাথাকিব। সেয়ে এই অধিসূচনাই অসমলৈ ভয়াৱহ বিপদ নমাই আনিছে। আনহাতে দেশৰ সংবিধান, সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাক উলংঘা কৰি আৰু দেশৰ শৈক্ষিক সমাজ, ছাত্ৰ সমাজকে ধৰি ৰাইজৰ প্ৰৱল বিৰোধিতা, জনমতক নাকচ কৰি মোদী চৰকাৰৰ কেবিনেটে গৃহীত কৰা নতুন শিক্ষা নীতিয়ে এহাতেদি শিক্ষাৰ বাণিজ্যিকীকৰণ, কৰ্প’ৰেটাইজ কৰিব, মেধা শক্তিৰ বিকাশ ৰুদ্ধ কৰিব অৰ্থাৎ বিত্তবান হ’লে যিকোনো উচ্চ শিক্ষাৰ প্ৰমাণ পত্ৰ লাভ কৰাটোক সহজসাধ্য কৰিব তুলিব আৰু ৰাজহুৱা শিক্ষা আৰু ব্যক্তিগত খণ্ডৰ শিক্ষাৰ মাজৰ পাৰ্থক্য বিলোপৰ জৰিয়তে ৰাজহুৱা শিক্ষা ব্যৱস্থাক বিলোপ কৰিব, দৰিদ্ৰ পৰিয়ালৰ সন্তানক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব আৰু চৰকাৰী পুঁজি ব্যক্তিগত খণ্ডৰ কৰ্প’ৰেট নিয়ন্ত্ৰিত শিক্ষাৰ স্বাৰ্থত বিনিয়োগৰ পথ প্ৰশস্ত কৰিব। আনহাতে পাঠ্যক্ৰমৰ পৰিৱৰ্তন ঘটাই শিক্ষাৰ গেৰুৱাকৰণ কৰিব। সেয়ে আইছা আৰু বিপ্লৱী যুৱ সন্থাই নতুন শিক্ষা নীতি আৰু পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা ২০২০ বাতিলৰ দাবীত যুৱ ছাত্ৰ সমাজক ঐক্যবদ্ধ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ