অসম লাইভ২৪ঃ বিধিয়ে বিচাৰিলে কোনে বাধা দিব পাৰে! বিবাহৰ নিশাই একেলগে স্বামী-স্ত্ৰীৰ মৃত্যু। পিছদিনা পুৱা ঘৰৰ পৰা উদ্ধাৰ হয় দুয়োৰে মৃতদেহ। এই মৃত্যুক লৈ বহুতেই ৰহস্যও বিচাৰি পাইছে। একেলগেই দুজন ব্যক্তিৰ কেনেকৈ মৃত্যু হ’ব পাৰে? কিন্তু পোষ্টমৰ্টেম ৰিপৰ্টৰ মতে দুয়োৰে হৃদৰোগতেই মৃত্যু হৈছে। উত্তৰপ্ৰদেশৰ বাহৰাইছ জিলাত এই ঘটনা। আৰক্ষী সূত্ৰই জনোৱামতে মৃত্যু হোৱা যুৱকজনৰ নাম প্ৰতাপ যাদৱ। প্ৰতাপৰ বয়স ২২ বছৰ।
৩০ মে’ত প্ৰতাপ বিবাহপাশত আৱদ্ধ হৈছিল পুষ্পাৰ সৈতে। পুষ্পাৰ বয়স ২০ বছৰ। বিবাহৰ অনুষ্ঠানৰ পাছতেই নিজ গৃহত উপস্থিত হৈছিল প্ৰতাপ আৰু পুষ্পা। পিছদিনা পুৱা দুয়োৰে মৃতদেহ উদ্ধাৰ হয়। বন্ধ ঘৰত দৰা-কইনাৰ মৃতদেহ উদ্ধাৰ হোৱাত সন্দেহ প্ৰকাশ কৰিছে আত্মীয়-স্বজনে। লগে লগেই আত্মীয়ই আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ দুটা মৰোণোত্তৰৰ বাবে প্ৰেৰণ কৰে। এছ পি প্ৰশান্ত বৰ্মাই মৰোণোত্তৰৰ পাছতেই জনাই যে দুয়োৰে হাৰ্ট এটেকত মৃত্যু হৈছে। একেখন চিতাতেই প্ৰতাপ আৰু পুষ্পাৰ মৃতদেহ সৎকাৰ কৰে আত্মীয়ই। দাহ কৰাৰ সময়ত গাওঁৰ বহুলোকে সেই স্থানত উপস্থিত হোৱাও পৰিলক্ষিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ