অসম লাইভ২৪ঃ উত্তৰপ্ৰদেশৰ ৩০ বছৰীয়া যুৱক মহম্মদ আৰিফ আৰু বিৰল প্ৰজাতিৰ সাৰচ পক্ষীটোক লৈ দেশত অব্যাহত আছে চৰ্চা। আৰিফ আৰু সাৰচৰ বন্ধুত্বৰ কথা হয়তো নজনা মানুহ খুব কমেই ওলাব। ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশতেই সাৰচ পক্ষীটোক আৰিফৰ পৰা কাঢ়ি আনি চিৰিয়াখানাত ৰাখিছে উত্তৰপ্ৰদেশৰ বনবিভাগে। তাৰবিপৰীতে বনৰীয়া পক্ষীটোৰে বন্ধুত্ব গঢ়াৰ বাবেই বিপদত পৰিছে আৰিফ। আৰিফৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কিন্তু আৰিফেই সাৰচৰ সৈতে বন্ধুত্ব ভাঙি যোৱাৰ বাবে দুখী হৈ পৰিছে তেনে নহয়। পক্ষীটোৱেও আৰিফক বিচাৰি চিৰিয়াখানাত বিষন্ন হৈ পৰিছে।
বিষন্ন হৈ পৰা সাৰচ পক্ষীটোৱে বিগত ৪০ ঘণ্টা ধৰি একো খাদ্যই মুখত দিয়া নাই। কানপুৰৰ এক চিৰিয়াখানাত অনাহাৰে আছে সাৰচটো। সাৰচক সি ভালপোৱা সকলো খাদ্যই চিৰিয়াখানত যোগান ধৰা হৈছে কিন্তু বিষন্ন হৈ পৰা পক্ষীটোৱে একোৱেই মুখত দিব বিচৰা নাই। মানুহৰ সান্নিধ্যত থকা সাৰচে অকলশৰে পিঞ্জৰাবদ্ধ হৈ থাকিয়েই বিষন্ন হৈ পৰা বুলি প্ৰকাশ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। হয়তো সাৰচটোৱে তাৰ বন্ধু আৰিফকেই বিচাৰিছে। কিন্তু এৰি দিব নোৱাৰে চিৰিয়াখানা কৰ্তৃপক্ষই। কৰ্তৃপক্ষই জনোৱা অনুসৰি ধীৰে ধীৰে সি বন্ধুক পাহৰিব। মানুহৰ সান্নিধ্যৰ কথাবোৰ পাহৰি পেলাব।
উল্লেখ্য যে, ১৯৭২ চনৰ বন আইনৰ অধীনত আৰিফৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আৰিফে হয়তো জৰিমনাও ভৰিব লগা হ’ব। আৰিফেও ইয়াৰ বিপৰীতে কৈছে, ‘মই পক্ষীটোক হত্যা কৰা নাই। বান্ধিও ৰখা নাই। তাৰ সৈতে মোৰ বন্ধুত্বহে গঢ়ি উঠিছিল। সি মোৰ সৈতেই থাকিবলৈ লৈছিল। যদি মই তাক মৰম কৰাটো ভুল তেন্তে মই দোষী বুলি মানি লোৱাত আপত্তি নাই। মই তাক শুশ্ৰুষাহে কৰিছিলো। তাক মই জংঘললৈ উভতাই পঠিয়াবলৈকো যত্ন কৰিছিলো, তাক এৰি থৈ আহিলেও সি মোৰ সৈতে নিজেই গুচি আহে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ