অসম লাইভ ২৪ঃ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত বন্ধ হৈ থকা ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চলি আছে। ইতিমধ্যে দিল্লীত মেট্ৰ’সেৱা আৰম্ভ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। ৭ ছেপ্টেম্বৰৰ পৰা দিল্লীত পুনৰ চলিব মেট্ৰ’। কলকাতা, মুম্বাইতো মেট্ৰ’ চলাৰ প্ৰস্তুতি চলিছে। পশ্চিমবংগ চৰকাৰে ল’কেল ট্ৰেইন চলাৰ বাবে আৱেদন জনাইছে। অসমতো ৰে’লসেৱা আৰম্ভ কৰাৰ বাবে পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ARPA-য়ে। অসম ৰে’ল যাত্ৰী সংস্থাই টুইটাৰযোগে মুখ্যমন্ত্ৰী, মুখ্য সচিব, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জেনেৰেল মেনেজাৰক ৰে’লসেৱা আৰম্ভ কৰাৰ বাবে আৱেদন জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















