অসম লাইভ২৪ঃ ঘোষিত হ’ল অসম লাইভ ২৪-ৰ পূজা মণ্ডপ প্ৰতিযোগীতাৰ ফলাফল। অসমৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহৰ মাজৰ পৰা বিচাৰক মণ্ডলীয়ে ৩খন মণ্ডপক শ্ৰেষ্ঠ বুলি বাছনি কৰে।
সোমবাৰে অসম লাইভ ২৪-ৰ কাৰ্যালয়ত শ্ৰেষ্ঠ বিবেচিত মণ্ডপসমূহক বঁটা প্ৰদান কৰা হয়। অসম লাইভ২৪য়ে প্ৰথমটো পুৰস্কাৰ আগবঢ়াইছে, বিজনী শিৱ শংকৰ পূজা সমিতিক।
দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰিছে কাহিলিপাৰা পাৱাৰ হাউছ পূজা সমিতিয়ে আৰু তৃতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰিছে যোৰহাটৰ ৰূপহীআলি পূজা সমিতিয়ে।
উল্লেখ্য যে অসম লাইভ ২৪ য়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগীতাত শ্ৰেষ্ঠ বঁটা লাভ কৰা পূজা সমিটিকেইখনলৈ স্মাৰক, প্ৰমাণ পত্ৰ, ধনৰাশি আৰু উপহাৰ আগবঢ়োৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ