• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজমলৰ বিষয়ে মই কি কৈছিলো

আজমলৰ বিষয়ে মই কি কৈছিলো

5 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজমলৰ বিষয়ে মই কি কৈছিলো

আজমলে অন্ততঃ এইপর্যন্ত অসমীয়া সংস্কৃতি বিৰোধী স্থিতি গ্ৰহণ কৰা নাই

editor by editor
October 20, 2020
in অসম, ৰাজনীতি
0
আজমলৰ বিষয়ে মই কি কৈছিলো
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

—অজিত কুমাৰ ভূঞা

যোৱা পাঁচটা দিন উজনি অসমৰ কেইবাঠাইতো ৰাইজৰ সৈতে মত-বিনিময় কৰিছিলো। এই মত-বিনিময়ৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ইতিমধ্যে সংবাদ মাধ্যমত কিছু কথা প্ৰকাশ পাইছে। আঞ্চলিক গণ মৰ্চা গঠন হোৱাৰ পাছত আমি ঘোষণা কৰা অনুসৰিয়েই ৰাজ্যখনৰ বিভিন্ন ঠাইত বাস কৰা আঞ্চলিকতাবাদত বিশ্বাসী আৰু গণতন্ত্ৰপ্ৰেমী ব্যক্তিক সাক্ষাৎ কৰি বিজেপিৰ অতি নিকৃষ্ট তথা ঘৃণনীয় ৰাজনীতিক কিদৰে প্ৰতিহত কৰিব পাৰি; নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ’ব, সেই বিষয়ে কথা পাতিছিলো আৰু সেই অভিযান এইপৰ্যন্ত অব্যাহত ৰাখিছো। অসমৰ সমাজ জীৱনক পংগু কৰিব খোজা অশুভ শক্তিসমূহৰ বিৰুদ্ধে আমি থিয় হৈছো আৰু সকলোকে লগত লৈ সমাজৰ প্ৰধান শত্ৰু হিচাপে চিহ্নিত হোৱা বিজেপি নামৰ শাসক গোষ্ঠীটোৰ বিৰুদ্ধে যুঁজত নামিছো।

আমাৰ নিৰ্দিষ্ট কাৰ্যসূচীৰ অংশ হিচাপেই ১৭ অক্টোবৰত শিৱসাগৰত উপস্থিত হৈছিলো। মোৰ লগত আছিল মনজিৎ মহন্ত, লাচিত বৰদলৈ আৰু যুৱ নেতা ৰাছেল হুছেইন। শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সভাখনত ৰাজনৈতিকভাৱে সচেতন বহু গণ্য-মান্য ব্যক্তি আৰু প্ৰায় সকলো সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত আছিল। মই প্ৰায় ৪০ মিনিট সময় কথা ক’লো আৰু গণতন্ত্ৰৰ নামত, সুশাসনৰ নামত দেশ আৰু আমাৰ ৰাজ্যখনত কি ঘটি আছে, তাৰেই এখন ছবি তুলি ধৰাৰ চেষ্টা কৰিলো। বক্তৃতা দিওঁতে প্ৰসংগবোৰ খুব সঘনে সলনি হয় আৰু লিখি যোৱাৰ দৰে কথাবোৰ একে গতিত গৈ নাথাকে। যি নহওক, মই দেশৰ অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি প্ৰতাৰণা-প্ৰৱঞ্চনাৰ ৰাজনীতিলৈকে বহু প্ৰসংগই উত্থাপন কৰিলো; উত্থাপন কৰিবলৈ নাপাহৰিলো বাঘকো হিন্দু সজাব খোজা অসমৰ কট্টৰ হিন্দুত্ববাদীসকলৰ কথা।

মই মোৰ প্ৰতিটো বক্তৃতাতে ’২১ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এখন ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত বিজেপিবিৰোধী সকলো ৰাজনৈতিক দলকে একলগ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলো। গুৰুত্ব আৰোপ কৰিছিলো- ভোটবোৰ যাতে ভাগ ভাগ নহয়, তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ আৰু লগতে জাতীয় সমস্যা তথা আঞ্চলিক সমস্যাই সমূহীয়া কাৰ্যসূচীত কিদৰে অগ্ৰাধিকাৰ লাভ কৰিব, সেই কথাৰ ওপৰত। কেণা লাগিল তাতেই। আমাৰ বিৰুদ্ধে গোপনে ষড়যন্ত্ৰ চলাই থকা বিজেপি আৰু লগৰীয়াসকলৰ ষড়যন্ত্ৰই নতুন ৰূপ ধাৰণ কৰিলে, মুখা সুলকি গ’ল; অপপ্ৰচাৰ আৰু ভুৱা বিশ্লেষণেৰে মোক দাগী কৰাৰ চেষ্টা চলিল, ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলিল।

ডিব্ৰুগড় জিলাৰ ৰাজগড় নামৰ ঠাইত এখন সভা কৰি উভতি অহাৰ পাছতে কোনোবা হিন্দু যুৱকৰ সংগঠন এটাই ভৱিষ্যতে সেই অঞ্চলত মোৰ প্ৰৱেশত বাধা আৰোপ কৰি মোক সতৰ্কবাণী শুনালে। এইখিনিতে মই তেওঁলোকক কৈ থওঁ যে মোৰ জীৱন পৰিক্ৰমা সম্পৰ্কে অসমৰ সংগ্ৰামী ৰাইজে বহু কথাই জানে; ভালদৰেই জানে যে চৰকাৰ তথা চৰকাৰী নেতাৰ আজ্ঞাবাহীসকলৰ ৰঙাচকুৱে মোক কাহানিও মোৰ লক্ষ্যপথৰ পৰা আঁতৰাই আনিব পৰা নাই আৰু নোৱাৰে। শুনি আহিলো, সেই অঞ্চলবোৰত কেনেকৈ প্ৰতিবাদী যুৱকক বিনাদোষত পুলিচে ঘৰৰ পৰা উঠাই আনিছে, ভয়-ভাবুকিৰে কিদৰে ‘আইনৰ শাসন’ চলাইছে!

এতিয়া আহো মূল প্ৰসংগলৈ। যিটো প্ৰসংগ উত্থাপন কৰি এটা বিজেপি পন্থী নিউজ চেনেলে পৰিৱেশ উত্তপ্ত আৰু অস্থিৰ কৰি তোলাৰ চেষ্টা চলালে। মই বোলে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পাতিব খুজিছো, তেওঁ মুখ্যমন্ত্ৰী হোৱাত মোৰ কোনো আপত্তি নাই! মোৰ প্ৰতিটো বক্তৃতাতে প্ৰসংগক্ৰমে মই বদৰুদ্দিন আজমলৰ কথা উল্লেখ কৰিছো হয়, কিন্তু ক’তো মই কোৱা নাই যে আজমলক মুখ্যমন্ত্ৰী পাতিব লাগে বা তেওঁক মুখ্যমন্ত্ৰী পতাত মোৰ কোনো আপত্তি নাই! হয়, মই বদৰুদ্দিন আজমল আৰু তেওঁৰ পিতৃৰ সামাজিক কাম-কাজৰ বিষয়ে কিছু কথা উল্লেখ কৰিছিলো, আজমলৰ দাতব্য অনুষ্ঠানবোৰৰ অৱদানৰ বিষয়ে উল্লেখ কৰিছিলো; অসম সাহিত্য সভাৰ হোজাই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াৰ কথাও কৈছিলো।

সভাখনত বহু গণ্য-মান্য ব্যক্তি আছিল। সংবাদ মাধ্যমে গিজগিজাই আছিল। কিন্তু পাছৰ দিনা কোনেও মই তেনেদৰে কোৱা বুলি বাতৰি পৰিৱেশন কৰা দেখা নাপালো। এটা নিউজ চেনেলে মাথোঁ প্ৰসংগক্ৰমে কোৱা আনবোৰ কথা, আগতে কোৱা আৰু পাছত কোৱা কথাবোৰ বাদ দি নিজস্ব বিশ্লেষণেৰে লগাই দিলে যে মই বোলে ছৈয়দ আব্দুল মালিক, ইমৰান শ্বাহ আদিৰ শাৰীত আজমলক থিয় কৰাইছো, সাহিত্যৰ কাণ্ডাৰী দুজনৰ সৈতে আজমলৰ তুলনা কৰিছো। মই ভাবো আৰু দাবী কৰো যে এতিয়ালৈকে মোৰ মন-মগজু ঠিকেই আছে। কাৰণ মোৰ হেৰুওৱাবলৈ একো নাই, পাবলৈও একো নাই। এক বিশেষ পৰিস্থিতিত সাংসদ হৈছো, যাক মই ‘কা’বিৰোধী শক্তিৰ জয় বুলি কওঁ। তদুপৰি সাংসদ ছবছৰৰ বাবেহে। পূৰ্বতেও এনে সুবিধা নহা নহয়, কিন্তু সেইবোৰত গুৰুত্ব দিয়া নাছিলো। মোৰ সমালোচকসকলে জানি থওক। শিলাদিত্যহঁতলৈ মনত পৰেনে?যশস্বী সাহিত্যিক চৈয়দ আব্দুল মালিক সন্দর্ভত কি কৈছিল শিলাদিত্যদেৱে?

নিৰ্বাচন আহিলেই বদৰুদ্দিন আজমলৰ নাম চৰ্চালৈ আহি যায়। কিয় এনেকুৱা হয়, প্ৰখ্যাত সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিয়ে অলপতে এটা অতি মূল্যৱান লেখা লিখিছে ‘নিয়মীয়া বাৰ্তা’ত। সি যি নহওক, বিজেপিয়ে নিজৰ ব্যৰ্থতা ঢাকি ৰাখিব পৰা নাই। উন্নয়ন ক’ত বুলি প্ৰশ্ন কৰিলে উত্তৰ নাই। প্ৰতিশ্ৰুতিবোৰ অসাৰ হ’ল। সমস্যাবোৰ সমাধান কৰা বাদেই, জটিল কৰা হ’ল। চাৰিওফালে এক অৰাজক পৰিস্থিতি। সকলোবোৰ লুকুৱাই তেওঁলোকে এতিয়া আজমলক আকৌ সন্মুখলৈ লৈ আহিছে। উদ্দেশ্য ধৰ্মীয় মেৰুকৰণ। হিন্দু-মুছলমানৰ ৰাজনীতি! এয়াই তেওঁলোকৰ এজেণ্ডা।

আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। কৈছোঁ যে আজমল যদি বিদেশী নাগৰিক, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা, আমাৰ ক’বলৈ একো নাই। আইন-কানুন সকলো তোমালোকৰ হাতত। কিন্তু তাকে নকৰি আজমলৰ দাড়ি-টুপীলৈ দেখুৱাই ঘৃণনীয় গাদী দখলৰ ৰাজনীতিত লিপ্ত নহ’বা। এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম। ধৰ্ম নিৰপেক্ষতাই যাৰ ভেটি আৰু দৰ্শন। সমাজখন থানবান নকৰিবা, সেই কাম কৰিবলৈ ৰাইজে তোমালোকক ভোট দিয়া নাই। যিবোৰ প্ৰতিশ্ৰুতি দি তোমালোকে শাসনত বহিছিলা, সেইবোৰৰ আজি কি হ’ল! ক’ত গ’ল তোমালোকৰ জাতি-মাটি-ভেটিৰ শ্ল’গান!

হয়, মই কৈছিলোঁ, আব্দুল মালিক, ইমৰান শ্বাহ যদি সাহিত্য সভাৰ সভাপতি হ’ব পাৰে, তেন্তে অসমৰ এজন ভাল মুছলমান কিয় মুখ্যমন্ত্ৰী হ’ব নোৱাৰে! আজি আকৌ কওঁ- ফখৰুদ্দিন আলী আহমেদকে ধৰি তিনিগৰাকী মুছলমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। সভ্যতা-সংস্কৃতিলৈ মুছলমানৰ অৱদান কোনে অস্বীকাৰ কৰিব পাৰে! সেই দেশত এতিয়া বিজেপিয়ে ধৰ্মক ৰাজনীতিৰ লগত মিহলাই আফিং কৰি সমাজখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে। অসমৰ মুছলমান সমাজখনক আমি বৃত্তৰ বাহিৰতে ৰাখিম নে জাতি গঠন প্ৰক্ৰিয়া সফল কৰি সমাজখনক সুস্থিৰ অৱস্থালৈ আনিবৰ বাবে ধৰ্মীয় চৰিত্ৰ বাদ দি জাতীয় চৰিত্ৰ গঢ়ি তুলিম! আমি তেওঁলোকক বাৰে বাৰে লঠিয়াই থাকিলে পৰিণতি কি হ’ব ভাবিবৰ হ’ল। বৃহত্তৰ অসমীয়া সমাজখনৰ বহু জনগোষ্ঠীয়ে নিজৰ পৰিচয় গঢ়াৰ চেষ্টা কৰিছে, অসমীয়াৰ বিৰুদ্ধাচৰণ কৰিছে। এই পটভূমিত যিসকলে অসমীয়া সমাজখনত মিলিবলৈ আগবাঢ়ি আহে, তেওঁলোকক আঁতৰাই পঠিয়াম নে আঁকোৱালি ল’ম! শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদিয়ে ন-অসমীয়া সম্পৰ্কে কি কি কৈছিল আমাক, নতুনকৈ ভাবিবৰ হ’ল!

সোণোৱাল-হিমন্ত বিশ্বৰ ৰাজনীতিয়ে জাতি গঠন প্ৰক্ৰিয়া ধ্বংস কৰিব, হিন্দুত্বৰ ৰাজনীতিয়ে সৰ্বনাশ কৰিব। ভোটৰ বাবে যিসকলে চিঞৰ-বাখৰ লগাইছে, লম্ফ-জম্ফ কৰিছে; তেওঁলোকে ভাষা-সংস্কৃতি ধ্বংস কৰিবৰ বাবে জাতিধ্বংসী আইন আনিছে। মই লুক-ঢাক নকৰি; কৌশল নকৰি স্পষ্টকৈ ক’ব খোজো যে অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে আজমলে অন্ততঃ এইপৰ্যন্ত তেনে কোনো স্থিতি গ্ৰহণ কৰা নাই। বিৰুদ্ধে একো কোৱা নাই। যোৱা লোকপিয়লত তেওঁলোকৰ বাবেই আমাৰ মাতৃভাষা ৪৮ শতাংশ হ’লেও ৰ’লগৈ। আগন্তুক লোকপিয়লত যদি মুছলমান সমাজখনে মাতৃভাষা অসমীয়া বুলি নকয়, আমাৰ কি হ’ব? আমি কিমানলৈ নামি যাম? শতকৰা ৩০ নে তাৰো তললৈ! এইবোৰ কথা সুস্থ মগজুৰে ভাবিবৰ হ’ল।

মই আগতেও কৈছোঁ, এতিয়াও কওঁ যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, হোৱাৰ কথা নাই। তেওঁলোকৰ দলেও প্ৰস্তাৱ লৈছে, বদৰুদ্দিন আজমল কেতিয়াও মুখ্যমন্ত্ৰী নহয়। ইমানৰ পাছতো আমি যদি বদৰুদ্দিন আজমলক লৈ শাসকৰ ঘৃণাৰ ৰাজনীতিত বা ষড়যন্ত্ৰত ভৰি দিওঁ, তেন্তে আমাৰ ভৱিষ্যৎ নিশ্চয়কৈ অন্ধকাৰ। সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাই ফখৰুদ্দিন আহমেদৰ নামত মেডিকেল কলেজ পাতিছে আৰু আনফালে বদৰুদ্দিন অসমীয়াৰ শত্ৰু সজাই সাম্প্ৰদায়িক সংঘৰ্ষৰে এক পৰিৱেশ ৰচনা কৰিছে। হোমেন বৰগোহাঞিয়ে কোৱা মতে ফখৰুদ্দিন আলী আহমেদতকৈ বদৰুদ্দিনে ভাল অসমীয়া কয়।

দিছপুৰৰ ৰজাসকলে নিৰ্বাচনক লক্ষ্য কৰি সাম্প্ৰদায়িক ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি লৈছে। ইতিহাস বিকৃত কৰাত লাগিছে। কৈ থওঁ যে অসমৰ ওপৰত যিমানবাৰ বহিঃআক্ৰমণ হৈছে; তাক প্ৰতিহত কৰিছে অসমৰ হিন্দু-মুছলমানে মিলি, একলগ হৈ। সময়ৰ সকীয়নি- এই কুটিল তথা ভয়ংকৰ ৰাজনীতি পৰিত্যাগ কৰক, নহ’লে ইতিহাসে আপোনালোকক ক্ষমা নকৰিব।

 

(‘আমাৰ অসম’ৰ ২০ অক্টোবৰ ২০২০ৰ সংখ্যাত প্ৰকাশিত)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajit kumar bhuyanasom live 24assam live 24axom live 24badaruddin ajmal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
পূজাৰ পেণ্ডেলত দর্শনার্থীৰ প্ৰৱেশ নিষিদ্ধ।

পূজাৰ পেণ্ডেলত দর্শনার্থীৰ প্ৰৱেশ নিষিদ্ধ।

বিশেষজ্ঞৰ কিছু শাৰদীয় টিপ্ছেৰে বিশেষ অনুষ্ঠান

বিশেষজ্ঞৰ কিছু শাৰদীয় টিপ্ছেৰে বিশেষ অনুষ্ঠান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.