অসম লাইভ২৪ঃ উত্তৰাখণ্ড আৰক্ষীয়ে ফাদিল কৰিছে কেদাৰনাথ হেলিকপ্টাৰ সেৱাৰ নামত চলা ভয়ংকৰ দুৰ্নীতি। হেলি সেৱাৰ নামত কোটি কোটি লোকক প্ৰতাৰণা। ভুক্তভোগী ভক্তৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিটা অভিযুক্তকো। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি অভিযুক্ত বিশেষ টীমটোৰ বিৰুদ্ধে ৬১০০ৰো অধিক অভিযোগ আছে। ইপিনে এই অভিযুক্ত দলটোৰ বিৰুদ্ধে ৰুজু হৈ আছে ২৪০টা গোচৰ।
৪১ টা ভুৱা ৱেবছাইট তৈয়াৰ কৰিছে অভিযুক্তসকলে
উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰতাৰকৰ দলটোৱে হেলি সেৱাৰ নামত ৪১ টা ভুৱা ৱেবচাইটো তৈয়াৰ কৰিছে। ভুক্তভোগীসকলে ভুৱা টিকটৰ বাবদ ধন সংগ্ৰহ কৰিছে ব্যক্তিৰ পৰা। আৰক্ষীয়ে ভুক্তভোগী ভক্তৰ অভিযোগৰ ভিত্তিত তদন্ত চলাই ধৰা পেলাইছে ১৪০০ কোটি টকাৰ কেলেংকাৰী। কেলেংকাৰীত নাম সাঙোৰ খোৱাসকলৰ ভিতৰত তিনিজন বিহাৰৰ বাসিন্দা বুলি জনাইছে আৰক্ষীয়ে। ইতিমধ্যে উত্তৰাখণ্ডৰ ডিজিপিয়ে ছাইবাৰ চেলক দিছে বিশেষ দায়িত্ব। বৰ্তমানলৈকে ৩টা অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে। গ্ৰেপ্তাৰ ৩ অভিযুক্তই বিহাৰৰ বাসিন্দা।
ডিজিপিয়ে কি কি তথ্য দাঙি ধৰিছে?
উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে কয় যে, কেদাৰনাথৰ বাবে হেলিকপ্টাৰ বুক কৰাৰ নামত দীৰ্ঘদিন ধৰি ধন আত্মসাৎ কৰি আহিছে প্ৰতাৰক দলটোৱে। চাৰধাম যাত্ৰাত তীৰ্থযাত্ৰীসকলক প্ৰতাৰণা কৰি কোটি কোটি ধন সংগ্ৰহ কৰিছে দলটোৱে। হেলিকপ্টাৰ সেৱাৰ নামতেই ১৪০০ কোটি টকা আত্মসাৎ কৰিছে দলটোৱে।
কোনখন ৰাজ্যৰ পৰা কিমানটা গোচৰ?
ডিজিপিয়ে জনোৱা অনুসৰি, গেংষ্টাৰ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হৈছে। অভিযুক্তকেইজনৰ সকলো সম্পত্তিও জব্দ কৰা হ’ব। অভিযুক্তসকলৰ বিৰুদ্ধে উত্তৰাখণ্ডত ৫টা, উত্তৰ প্ৰদেশত ৫৬ টা, তেলেংগানাত ১১২ টা, দিল্লীত ১৮ টা, গুজৰাটত ১১ টা, তামিলনাডুত ১৫ টা, হাৰিয়ানাত ০৯ টা, বিহাৰত ৮ টা, কৰ্ণাটকত ৮ টা আৰু মহাৰাষ্ট্ৰত ৭ টা গোচৰ ৰুজু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ