অসম লাইভ ২৪ঃ তেওঁ গান গায়। লগতে কঁকাল ঘূৰাই ঘূৰাই নাচেও। তেওঁ সেই গান আৰু নৃত্য সমগ্ৰ বিশ্বৰ মানুহে ভাল পাইছিল ২০১০ ফুটবল বিশ্বকাপত। আফ্ৰিকাত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ থীম ছং আছিল ‘ৱাকা ৱাকা…’ আৰু সেই গানেৰে বিশ্বৰ প্ৰতিগৰাকী লোকৰ হৃদয় জিনিচিল সেই গানটোৰ গলতে শিল্পীগৰাকীয়ে। নাম তেওঁৰ ছাকিৰা। লেটিন আমেৰিকাৰ দেশ কলম্বিয়াৰ এই সংগীত শিল্পীগৰাকীয়ে সম্প্ৰিত মার্কিন যুক্তৰাষ্ট্ৰ ৰাজনীতিক লৈ সক্ৰিয় হৈ পৰিছে। শিল্পীগৰাকীয়ে এক টুইট কৰি যুক্তৰাষ্ট্ৰ মানুহক যোগ্য নেতৃত্ব নির্বাচিত কৰি ল’বলৈ পৰামর্শ আগবঢ়াইছে। লগতে বর্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ভোট নিদিবলৈ আহ্বান জনাইছে। তেওঁ কৈছে ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে প্ৰমাণ কৰিছে মার্কিন যুক্তৰাষ্ট্ৰক নেতৃত্ব দিবলৈ তেওঁ অসমর্থ। আশা কৰিছো সকলোৱে সঠিক নেতৃত্ব নির্বাচিত কৰি তেওঁলোকৰ দায়িত্ব পালন কৰিব। লগতে টুইটত ছাকিৰাই লিখিছে মাস্ক পিন্ধি ভোটকেন্দ্ৰলৈ যাব অথবা বেলট পেপাৰ সংগ্ৰহ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ