অসম লাইভ ২৪ঃ মহামাৰীৰ বিৰুদ্ধে দেশীয় যুদ্ধৰ অগ্ৰগতি।দেশীয়ভাৱে নির্মিত প্ৰতিষেধকৰ মানৱ শৰীৰৰ ওপৰত পৰীক্ষণ আৰম্ভ হৈছে। দেশৰ ১৪ স্থানত আৰম্ভ হৈছে মানৱ দেহত কোভিড-১৯ প্ৰতিষেধকৰ প্ৰয়োগ তথা পৰীক্ষণ। ১৫,০০০ স্বেচ্ছাসেৱকৰ শৰীৰত প্ৰয়োগ কৰা হ’ব এই প্ৰতিষেধক। ইতিমধ্যে প্ৰতিষেধক নির্মাতা কোম্পানী ‘ভাৰত বায়োটেকে’ ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচার্ছৰ সহযোগত আৰম্ভ কৰিছে প্ৰতিষেধকবিধৰ হিউমেন ট্ৰায়েল।দেশৰ দিল্লী, চেন্নাই, পাটনা, কানপুৰ, গোৱা, গোৰখপুৰ, ভুৱনেশ্বৰ, ৰোহটক, বিশাখাপট্টনম আৰু হায়দৰাবাদকে ধৰি মুঠ ১৪ স্থানত এই প্ৰতিষেধকৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পাটনাৰ এইমছত ১৮ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ ১০ গৰাকী লোকৰ ওপৰত এই প্ৰতিষেধক প্ৰয়োগ কৰা হ’ব। প্ৰথমবাৰ প্ৰতিষেধক প্ৰয়োগৰ ১৪ দিনৰ পাছত দ্বিতীয় পালি দিয়া হ’ব। ICMR আৰু ভাৰত বায়োটেকে প্ৰতিষেধকৰ হিমউমেন ট্ৰায়েলৰ বাবে ৫ জনীয়া বিশেষজ্ঞ কিমটী গঠন কৰি দিছে। এই হিউমেন ট্ৰায়েল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচৰা লোকে ৯৪৭১৪০৮৮৩২ নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব। উল্লেখ্য ১৫ আগষ্টত দেশীয়ভাৱে নির্মিত প্ৰতিষেধকবিধ মুকলি কৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ