মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল
মহিলা আই পি এল খেলৰ ২০২৫ চনৰ চিজনত মুম্বাই ইণ্ডিয়ানছ দলে বিজয় মুকুট পৰিধান কৰে। কালি ১৫ মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা ফাইনেল খেলত দিল্লী কেপিটেলছ দলক পৰাজিত কৰি পদক লাভ কৰে মুম্বাই দলে। ৮ ৰানৰ ব্যৱধানত মুম্বাই দলৰ বিজয় সাব্যস্ত।
২০ অভাৰত মুম্বাই দলে প্ৰথমে বেট ধৰি ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। দিল্লী কেপিটেল দলে ১৫০ টাৰ্গেট লৈ খেলপথাৰত নামে। কিন্তু ৯ উইকেট হেৰুৱাই ২০ অভাৰত ১৪১ ৰানতে ইনিংছ সামৰি দলটোৱে পৰাজয় বৰণ কৰে। লগে লগে মুম্বাই দলত বিজয়উল্লাস হয় কিন্তু তাৰ বিপৰীতে দিল্লী দলত শোকে খুন্দা মাৰি ধৰে।
কাৰণ এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ ফাইনেলত উপস্থিত হৈয়ো বিফলতাৰ মুখ দেখিছে দিল্লী দলে। ভাগ্যউ যেন বেয়াকৈ লগ এৰা দিছে দলটোক। মুখ্য প্ৰশিক্ষক জোনাথন বেটিৰ প্ৰশিক্ষণত তিনিবাৰকৈ ফাইনেলত উপনীত হৈয়ো বিজয় হোৱা নাই দলটোৱে।
আনহাতে দিল্লীৰ এনে পৰাজয়ৰ পাছতে ভাঙি পৰিছে কেপ্টেইন মেগ লেনিং (Meg Lanning)। চকুত চকুপানী থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো লেনিঙে প্ৰথমে চকুপানী মচি থকা দেখা গৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ