অসম লাইভ ২৪ঃ স্নাতক মহলাৰ নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীৰ ফলাফলৰ ভিত্তিত কাট্ অব্ মাৰ্কছৰ স্বৈৰাচাৰী প্ৰথাৰ অৱসান ঘটোৱাৰ চিন্তা-চৰ্চাৰে কমন এপ্টিটিউড টেষ্টৰ প্ৰৱৰ্তনৰ বাবে যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত মডেলিটী প্ৰস্তুতৰ বাবে পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ আৰ পি তিৱাৰীৰ অধ্যক্ষতাত ৭ জন সদস্যৰে এখন পৰামৰ্শদাতা সমিতিও গঠন কৰিছে চৰকাৰে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে এই ‘কমন এপ্টিটিউড টেষ্ট’ হ’ব বাধ্যতামূলক। ‘কমন এপ্টিটিউড টেষ্ট’ অনুষ্ঠিত কৰিব নেচনেল টেষ্টিং এজেন্সী (NTA)-এ। নামভৰ্তিকৰণৰ বাবে ‘কমন এপ্টিটিউড টেষ্ট’ বলৱৎ হ’ব ২০২১-২২ শৈক্ষিক বৰ্ষৰ পৰা, উচ্চ শিক্ষা বিভাগৰ সচিব অমিত খাৰেয়ে সদৰী কৰে এই তথ্য।
স্নাতক মহলাত নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ‘কমন এপ্টিটিউড টেষ্ট’ হোৱাৰ উপৰি বিষয় নিৰ্দিষ্ট পৰীক্ষাও অনুষ্ঠিত হ’ব। OMR SHEETযোগে ছাত্ৰ-ছাত্ৰীয়ে দিব লাগিব পৰীক্ষা। UGCৰ অধ্যক্ষ প্ৰফেছৰ ডি পি সিঙে কয় যে সমিতিয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা বিভাগৰ বিষয়াই জনায় যে এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বাৰে বাৰে বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে এবাৰেই হ’ব যথেষ্ট।
সংৰক্ষণৰ আওতাৰ বাহিৰৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে ৯০ শতাংশ নম্বৰ লাভ কৰিলেও দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ কোনো এখন মহাবিদ্যালয়ত বাণিজ্য শাখাত নামভৰ্তি কৰিবলৈ সক্ষম নহয়। কিন্তু ‘কমন এপ্টিটিউড টেষ্ট’ত উত্তীৰ্ণ হ’লে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰিলেও ছাত্ৰ-ছাত্ৰীয়ে স্নাতক মহলাত নামভৰ্তি কৰিবলৈ সক্ষম হ’ব। ইতিমধ্যেই বিভিন্ন ব’ৰ্ডৰ মূল্যায়ণ প্ৰক্ৰিয়াৰ পাৰ্থক্য স্নাতক মহলাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত এক উদ্বিগ্নতাৰ বিষয়। এই নতুন ব্যৱস্থাৰ জৰিয়তে ‘কমন এপ্টিটিউড টেষ্ট’ বছৰত দুবাৰ অনুষ্ঠিত কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে যদিও ২০২১-২২ শৈক্ষিক বৰ্ষৰ বাবে এবাৰহে অনুষ্ঠিত হ’ব। উল্লেখ্য যে দেশত সম্প্ৰতি ৫৪ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ