• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!

৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!

6 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

3 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

3 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

4 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

5 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

6 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

7 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

7 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

7 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

8 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

9 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!

চুবুৰীয়া দেশে কিয় ৰঙাচকু দেখুৱাইছে?

editor by editor
July 8, 2020 - Updated on July 9, 2020
in লেখা
0
৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!
327
SHARES
415
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীনতাৰ পাছৰে পৰা যিমানগৰাকী প্ৰধানমন্ত্ৰীৰ বিষয়ে পঢ়িছো আৰু মোৰ ৪৮ বছৰীয়া জীৱনকালত যিকেইগৰাকী প্ৰধানমন্ত্ৰীক দেখিছো বা শুনিছো সকলোৰে ঊৰ্ধ্বত বর্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মই ঊৰ্ধ্বত বুলি এই কাৰণেই ক’ব বিচাৰিছো, কাৰণ কোনো প্ৰধানমন্ত্ৰীৰে একমাত্ৰ উদ্দেশ্য কেৱল ‘বিৰোধীমুক্ত’ ভাৰতবৰ্ষ গঢ়া নাছিল। বাকীসকলৰ কথা আজি নকওঁ। যি মুহূর্তত এগৰাকী গণতন্ত্ৰৰ সর্বোচ্চ পদাধিকাৰীৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল বিৰোধীমুক্ত ভাৰত গঢ়া, তেতিয়াই আমি বুজিছিলো যে গণতন্ত্ৰৰ হত্যা আৰম্ভ হ’ল। ভাৰতৰ দৰে বৈচি‍ত্ৰ্যৰ মাজত ঐক্য- ভিন্নতাক একতাৰ দোলেৰে একত্ৰিত কৰি বিশ্ব দৰবাৰত ভাৰতবর্ষক বাকী ৰাজনৈতিক নেতাসকলে সভ্যতাৰ নিদর্শন হিচাপে আজি ইমান বছৰে ৰাজনীতিৰ ঊৰ্ধ্বত পৰিচয় কৰাই আহিছিল। তেনে সন্ধিক্ষণত আজি কিন্তু মাননীয় প্ৰধানমন্ত্ৰীজনে বিশ্ব দৰবাৰত আৰু ভাৰবর্ষৰ জনসাধাৰণৰ মাজত এখন জিদভৰা, বিৰোধী বনাম বিজেপি বিদ্বেষেৰে মানুহক এক শংকা আৰু উত্তেজনাৰ মাজলৈ ঠেলি দিলে।

এতিয়া আহো মূল বিষয়লৈ। বিগত সময়বোৰতো আন আন প্ৰধানমন্ত্ৰীসকলো বিদেশলৈ গৈছিল। বৈদেশিক চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু কেমেৰা লৈ বিদেশত নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কচৰৎ কৰা হোৱা নাছিল। ধৰি ল’লো, আমাৰ আগৰ প্ৰধামন্ত্ৰীসকল বিফল প্ৰধানমন্ত্ৰী আছিল। তেনেস্থলত গোটেই বিশ্বৰ প্ৰিয়ভাজন প্ৰধামন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা প্ৰধানমন্ত্ৰীগৰাকীৰ দেশখনৰ চাৰিওসীমা কিয় আজি চীন, নেপাল, ম্যানমাৰৰ দৰে চুবুৰীয়া আটাইবোৰ দেশে আগুৰি ধৰিছে। য’ত আন আন দেশে ভাৰতৰ মেপ সলনি কৰি ভাৰতবর্ষক হুংকাৰ দিছে। তেনেস্থলত মোদী ডাঙৰীয়াই কেৱল চীনা app নিষিদ্ধ কৰি বাঃ বাঃ ল’লেই হ’বনে? সাধাৰণ কথা, পৃথিৱীত এনে এজন ব্যক্তিৰ উদাহৰণ নাই, যাক সকলোৱে সকলো সময়ৰ বাবে ভাল পায় বা গ্ৰহণযোগ্য হয়। তেনেস্থলত কেৱল ৰাইজৰ ধন খৰচ কৰি গোটেই বিশ্বৰ প্ৰিয়ভাজন বুলি প্ৰচাৰ চলোৱাৰ প্ৰয়োজন ক’ত?

চীনৰ ৰাষ্ট্ৰপতি জিং পিঙৰ লগত ৮/৯ বাৰ বৈঠক কৰাৰ পাছতো কিয় চীনে ভাৰতক ৰঙাচকু দেখাবলৈ সাহস কৰিলে? চীন নালাগে, নেপাল-ম্যানমাৰৰ দৰে সৰু দেশেও ভাৰতক ৰঙাচকু দেখুৱাবলৈ কুণ্ঠাবোধ নকৰা হ’ল। কাৰণ সকলোৱে বুজি উঠিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!

প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈ কেৱল কেমেৰাৰ বাবে কাম কৰিব, সেই কামত দেশৰ ভৱিষ্যতৰ বাবে হ’বলগীয়া একো নাথাকিব। কাৰণ কেমেৰাৰৰ আগত Action আৰু কেমেৰাৰ পাছত Action ৰাইজে বুজে আৰু বুজিছেই।

আপুনি কৈছে, চীনা সামগ্ৰী বর্জন কৰক। চীনা সামগ্ৰী বজাৰত আমি জনাত মনে মনে আহিব নোৱাৰে। এই সামগ্ৰীসমূহ আনিবলৈ ভাৰত চৰকাৰৰ অনুমতিৰ প্ৰয়োজন। ভাৰত চৰকাৰে আমদানি কৰা বন্ধ কৰিলে আমি বজাৰত এই সামগ্ৰী পাম ক’ত আৰু কিনিম কেনেকৈ? কেৱল সাধাৰণ মানুহক আবেগিক কৰি হৈ-চৈ কৰিয়েই এখন দেশ চলাব নোৱাৰি। পাকিস্তানৰ দৰে দুৰ্বল দেশ এখনক ৰঙাচকু দেখাই বৈতৰণী পাৰ হোৱাৰ কথা ভাবিলে নহ’ব।

গোটেই দেশেই এতিয়া ভাবিবলৈ বাধ্য হৈছে যে আমাৰ প্ৰধানমন্ত্ৰীজনৰ Camera Crazeহে বেছি। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামা, ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি জিং পিং আদি ৰাষ্ট্ৰপ্ৰধানসকল ভাৰত ভ্ৰমণলৈ আহিছিল। কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লেখীয়াকৈ ‘Howdy Modi’ৰ দৰে ‘জনপ্ৰিয়তা ৰেলী’ আয়োজন কৰাৰ মানসেৰে অহা নাছিল। তেওঁলোকৰ অন্তৰালত প্ৰধান বিষয়বস্তু আছিল বিশাল ভাৰতৰ বজাৰ দখল কৰা। ইয়াৰ পৰিৱর্তে আমাৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য সুকীয়া- দেশ গৌণ, নিজৰ প্ৰচাৰ মুখ্য।

বর্তমান ক’ৰোনাৰ দোহাই দি দেশৰ আর্থিক অৱস্থা দুর্বল বুলি ক’লেই নহ’ব। ক’ৰোনাৰ আগতেই দেশৰ GDP-4.5 লৈ অৱনমিত হৈছিল।

চীনৰ লগত যুদ্ধ কৰিবলৈ পুনৰ যুদ্ধ বিমান ক্ৰয় কৰাৰ বিষয়ত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কাৰণ এখন দেশ নিৰাপত্তাৰ ক্ষেত্ৰত সদা সষ্টম হৈ থাকিব লাগিব। কিন্তু প্ৰধানমন্ত্ৰীৰ নামত ৫.৫ হাজাৰ কোটিটকীয়া বিমান ক্ৰয় কৰাটো আমাৰ দৰে বর্তমান GDP-2.2 লৈ অৱনমিত হোৱা দেশ এখনৰ বাবে কিমান সমীচীন?

ৰাইজ সজাগ নহ’লে আৰু কথাবোৰ বুজিবলৈ চেষ্টা নকৰিলে যেনেকৈ সকলো ৰাজহুৱা সম্পদৰ ব্যক্তিগতকৰণ হৈছে, তেনেকৈ ভাৰতৰ জনগণ মানসিকভাৱে বিকলাংগ হ’বলৈ বেছি দিন নালাগিব। দেশৰ প্ৰধানমন্ত্ৰীজনে দেশৰ নাগৰিকক বিৰোধী বুলি গণ্য কৰাৰ আগতে আপোন দেশৰ জনসাধাৰণ বুলি জনকল্যাণৰ হকে কাম কৰাৰ মানসিকতা গ্ৰহণ কৰক।

(লেখিকা মীৰা বৰঠাকুৰ এগৰাকী ৰাজহুৱা কৰ্মী)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24meera borthakur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?
জীৱনশৈলী

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

March 10, 2026
Next Post
ক’ৰোনা ৰোগীৰ সংবাদমেল

ক’ৰোনা ৰোগীৰ সংবাদমেল

কেনে আছে অখিল গগৈ ? কি কয় GMCHৰ অধীক্ষকে?

কেনে আছে অখিল গগৈ ? কি কয় GMCHৰ অধীক্ষকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.