সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য
অপাৰেচন সিন্দূৰৰ অভিযান সফল হৈছে ভাৰতৰ, পেহেলগাম আক্ৰমণৰ প্ৰথমটো প্ৰতিশোধ হিচাপে এপাৰেচন সেন্দূৰৰ অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ভাৰতৰ এই বৃহৎ ৯ টা কৈ ঘাটিত কৰা আক্ৰমণত নিহত হৈছে এইদৰে শতাধিক সন্ত্ৰাসবাদী।
পাকিস্তানৰ ভিতৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে ব্যাপক আক্ৰমণ চলাইছে। এই আক্ৰমণত লস্কৰ আৰু জৈছৰ সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অভিযানটো নিৰীক্ষণ কৰিছিল আৰু অজিত ডোভালৰ সৈতে অহৰহ যোগাযোগ আছিল। লস্কৰ আৰু জৈছৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে ভাৰতে। মাজুদ আজহাৰৰ বাহাৱালপুৰৰ আত্মগোপন স্থান ধ্বংস কৰাৰ লগতে লস্কৰৰ মুৰিদকে শিবিৰ বিধ্বস্ত হৈছে।
ভাৰতীয় সেনাই বুধবাৰে পুৱা পাকিস্তান আৰু পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই নিষিদ্ধ জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা গোটৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
লক্ষ্য কৰি লোৱা ৯টা স্থানৰ ভিতৰত বাহাৱালপুৰৰ জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় অন্তৰ্ভুক্ত বুলি বিষয়াসকলে জনায়।
এই আক্ৰমণত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনা তিনিওটা সেৱাৰ নিখুঁত ষ্ট্ৰাইক অস্ত্ৰ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল, য’ত আছিল ল’টাৰিং গুলীও। পাকিস্তান আৰু পাকিস্তানে দখল কৰা কাশ্মীৰৰ ভিতৰৰ সন্ত্ৰাসবাদী শিবিৰত সংঘটিত আক্ৰমণৰ স্থানাংক চোৰাংচোৱা সংস্থাই প্ৰদান কৰিছিল।
কেৱল ভাৰতৰ মাটিৰ পৰাই এই আক্ৰমণ সংঘটিত হৈছিল। এএনআইয়ে উৎসৰ উদ্ধৃতি দি এই তথ্য দিছে। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাত লোৱা ভূমিকাৰ বাবে জয়ছ-ই-মহম্মদ আৰু লস্কৰৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি লোৱাৰ উদ্দেশ্যেৰে ভাৰতীয় বাহিনীয়ে আক্ৰমণৰ স্থান নিৰ্বাচন কৰা বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















