তেওঁ আদিপুৰুষ। বিশ্ব ব্ৰহ্মাণ্ডই তেওঁৰ ঘৰ। মৰ্ত্যত শিৱ স্বয়ম্ভূৰ প্ৰকাশ লিংগৰৰূপত। কোৱা হয় যে মূৰ্তিৰূপে শিৱৰ পূজা নিষিদ্ধ। সেয়ে অধিকাংশ মন্দিৰতেই মূলত শিৱলিংগ দেখা যায়। কোৱা হয় যে দেশৰ ১২ টা মন্দিৰৰ শিৱলিংগত স্বয়ং দেৱাদিদেবৰ বাস কৰে। সেইসমূহকেই জ্যোতিৰ্লিঙ্গ বুলি কোৱা হয়। অধিকাংশ মন্দিৰতেই শিৱলিংগ দেখা যায় যদিও প্ৰধানকৈ ১২ টা মন্দিৰতহে জ্যোতিৰ্লিংগ আছে। দ্বাদশ জ্যোতিৰ্লিংগ আছে শ্ৰী সোমনাথত। গুজৰাটৰ সৌৰাষ্ট্ৰত এই শিৱলিংগটো আছে। তাতেই মহাদেৱক সোমেশ্বৰ নামেৰে পূজা কৰা হয়। লোকবিশ্বাস মতে মহাদেৱৰ এই বিশেষ ৰূপৰ পূজা কৰিলে জন্মজনিত দুঃখৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তিভাৱে যিসকলে এই জ্যোতিৰ্লিংগক আৰাধনা কৰে তেওঁ মৃত্যুৰ পাছত শিৱৰ মাজতেই লীন হয় বুলি লোকবিশ্বাস।
মহাদেৱৰ দ্বিতীয় জ্যোতিৰ্লিংগটো আছে অন্ধ্ৰপ্ৰদেশৰ শৈলপৰ্বতত। তাত মহাদেৱক মল্লিকাৰ্জুন নামেৰে আৰাধনা কৰা হয়। পুৰাণমতে মহাদেৱৰ এই বিশেষৰূপে পূৰ্বপুৰুষৰ মুক্তিলাভ কৰাটো সহায় কৰে। কথিত আছে যে এই মন্দিৰত পূজা কৰিলে ৰাজ ঐশ্বৰ্য্যৰ অধিকাৰী হ’ব পাৰে। ইয়াৰপাছতেই মহাদেৱৰ তৃতীয় জ্যোতিৰ্লিংগ আছে মধ্যপ্ৰদেশৰ উজ্জ্বয়িনীত। তাত মহাদেৱ প্ৰকাশ মহাকালৰূপে পৰিচিত। অৰ্থাৎ তাত মহাদেৱক প্ৰকাশ মহাকালৰূপে আৰাধনা কৰা হয়। মহাকালৰ অৰ্থ হৈছে অধিপতি। উজ্জ্বয়িনীৰ মহাকালেশ্বৰত শিৱক অধিপতিৰ দেৱতাৰূপেই পূজা-অৰ্চনা কৰা হয়। এইদৰে মহাদেৱক আৰাধনা কৰিলে অকালমৃত্যুৰ পৰা ৰক্ষা পোৱা যায় বুলি বিশ্বাস। মহাদেৱৰ এই ৰূপক উপাসনা কৰাসকলে দীৰ্ঘায়ু লাভ কৰে বুলিও বহুতেই দাবী কৰে।
ইয়াৰোপৰি মধ্যপ্ৰদেশৰ আৰু এক স্থানত জ্যোতিৰ্লিংগৰ দৰ্শন পোৱা যায়। ওংকাৰেশ্বৰ নামেৰে তেওঁ মান্ধাতা পৰ্বতত বিৰাজ কৰে। শিৱৰ এই ৰূপৰ অৰ্চনা কৰিলে বিশেষ পূণ্যলাভ কৰে বুলি ভক্তসকলে দাবী কৰে। ওংকাৰেশ্বৰত পূজা অৰ্চনা কৰিলে চতুৰ্বেদ অধ্যয়নৰ ফলো পোৱা যায়। ইয়াৰ পাছতেই আছে মহাদেৱৰ পঞ্চম জ্যোতিৰ্লিংগ। যি খুবেই দুৰ্গম এক স্থানত অৱস্থিত। উত্তৰাখণ্ডৰ কেদাৰ পৰ্বতত তেওঁ কেদাৰেশ্বৰ নামেৰে পূজিত হয়। এই যাত্ৰাপথ খুবেই দুৰ্গম যদিও প্ৰতিবছৰে অগণন ভক্তই ইয়ালৈ যাত্ৰা কৰে। কিন্তু এই স্থানত এবাৰ ভৰি থলেই পূণ্যলাভ হয় বুলি বহুতেই দাবী কৰে।
এই ১২ জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ দৰ্শন কৰিলেহে মোক্ষলাভ হয়। এই স্থান দৰ্শন কৰিলে শিৱলোকো প্ৰাপ্তি কৰে। তালিকাত ইয়াৰ পাছতেই আছে ভীমশংকৰ। মহাৰাষ্ট্ৰৰ পুনেত এই ভিমশংকৰ অৱস্থিত। এই জ্যোতিৰ্লিংগ দৰ্শন কৰিলে মহাশোক নাশ হয়। ইয়াৰ পাছতেই আছে কাশীশ্বৰ। উত্তৰপ্ৰদেশৰ বানাৰস চহৰখনকেই আস্ত শিৱক্ষেত্ৰ বুলি জনা যায়। তাতেই অধিষ্ঠিত হৈ আছে বিশ্বেশ্বৰ মহাদেৱ। কথিত আছে যে বাবা বিশ্বনাথে ভক্তৰ সকলো জাগতিক চাহিদা পূৰণ কৰে। এই স্থানত শিৱক দৰ্শন কৰিলে ৰাজ ঐশ্বৰ্যৰ অধিকাৰী হয়।
গোদাবৰী নৈৰ পাৰতো আছে এক জ্যোতিৰ্লিংগ। শ্ৰী ত্ৰম্বকেশ্বৰ মহাদেৱৰ মন্দিৰ নামেৰে এক মন্দিৰত আছে এই জ্যোতিৰ্লিংগ। এই স্থানত পূজা কৰিলে বিবাহ ঘাটিত সমস্যা থাকিলে দূৰ হয়। ইয়াৰ পাছতেই আছে ঝাৰখণ্ডৰ বাবা বৈদ্যনাথৰ মন্দিৰ। ঘনাই ৰোগ হোৱা লোকে এই মন্দিৰ দৰ্শন কৰিব লাগে বুলি লোকবিশ্বাস। প্ৰায়সংখ্যক শিৱভক্তই জীৱনত একোবাৰকৈ হ’লেও দ্বাদশ শিৱলিংগ দৰ্শন কৰিবলৈ ইচ্ছা কৰে। কিন্তু মহাদেৱৰ কৃপা নহ’লে সেই ইচ্ছা অপূৰ্ণ হৈ থাকি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ