আত্মাৰ কাৰক বুলি কোৱা হয় সূৰ্যক৷ প্ৰতি মাহে ৰাশি পৰিবৰ্তন কৰে সূৰ্যই৷ এপ্ৰিল মাহত সূৰ্যৰ গোচৰ হৈছে মেষ ৰাশিত৷ এই ৰাশি সূৰ্যৰ উচ্চ ৰাশি হিচাপে বিবেচিত৷ ১৪ এপ্ৰিলত সূৰ্যই মীন ৰাশিৰ যাত্ৰা শেষ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিছে৷ ইয়াতেই ১৫ মে পৰ্যন্ত থাকিব৷
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ প্ৰভাৱ প্ৰবল৷ ই কৰ্তৃত্ব আৰু আধিপত্যৰ প্ৰতীক৷ সূৰ্য জাতকে ইচ্ছাশক্তি, সাহস, আত্মবিশ্বাস দান কৰে৷ নেতৃত্ব দিয়াৰ দক্ষতা বৃদ্ধিত সহায় কৰে৷ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই৷ সূৰ্যৰ ভূমিকা জন্ম তালিকাত অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যই প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি দিয়ে৷ সূৰ্যৰ দুৰ্বল অৱস্থান থাকিলে আত্মবিশ্বাসৰ অভাৱে দেখা দিয়ে৷ ভয় ভীতি বাঢ়ে৷
সূৰ্যৰ গোচৰৰ ফলত কি কি শুভ যোগ?
সূৰ্যৰ মেষ ৰাশিত গোচৰৰ ফলত আদিত্য যোগ সৃষ্টি হৈছে৷ আদিত্য যোগক অত্যন্ত প্ৰভাৱশালী যোগ বুলি ধৰা হয়৷ এই যোগে জাতকক নাম, পদ প্ৰতিষ্ঠা আৰু খ্যাতি দিয়ে৷ ইয়াৰোপৰি গ্ৰহণ নক্ষত্ৰৰ অৱস্থাগত কাৰণত সূৰ্যই তৈয়াৰ কৰিছে উভয়চৰী যোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই শুভ ৰাজযোগৰ প্ৰভাৱত ১৫ এপ্ৰিলৰ পাছত বহু ৰাশিৰ ভাগ্যলৈ ইতিবাচক সাল সলনি আহিব পাৰে৷
১৫ এপ্ৰিলৰ পৰা এইকেইটা ৰাশিৰ ভাগ্য সলনি হ’ব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই ৰাজযোগে জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ এই সময়ত আপুনি সকলো কামত সফল হব৷ ব্যৱসায়ত লাভৰ সুযোগ আহিব আৰু আৰ্থিক দিশো শক্তিশালী থাকিব৷ এপ্ৰিল মাহ সূৰ্যদেৱৰ কৃপাত আপোনাৰ বাবে শুভ হ’ব৷
মিথুন ৰাশি
সূৰ্যই মেষ ৰাশিত গোচৰ কৰাৰ সৈতে মিথুন ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সলনি হ’ব৷ আৰু হঠাৎ অৰ্থ লাভৰ যোগ সৃষ্টি কৰিব৷ এই সময়ত আৰ্থিক অৱস্তা শক্তিশালী হব আৰু অৰ্থৰ সৈতে জড়িত সকলো সমস্যা দূৰ হ’ব৷ সূৰ্যৰ গোচৰৰ ফলত সৃষ্ট ৰাজযোগে উন্নতিৰ যোগ সৃষ্টি কৰিব৷
বৃশ্চিক ৰাশি
সূৰ্যৰ গোচৰৰ পাছত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হ’ব৷ এই সময়ত শত্ৰুৰ পৰা মুক্তি পোৱা যাব আৰু আদালতত কোনো গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব৷ নতুন কামৰ সূচনা কৰাৰ বাবে এই সময় শুভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ