১৮ আগষ্ট ২০২৫ত গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থান কিছু ৰাশিৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হৈছে৷ জ্যোতিষশাস্ত্ৰই জনাইছে যে আজি দুপৰীয়া ২.৪০ মিনিটত বৃষ ৰাশিত অৱস্থান কৰিব চন্দ্ৰই৷ তাৰপিছতেই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ মিথুনত পূৰ্বৰে পৰাই বিৰাজ কৰিছে শুক্ৰ আৰু বৃহস্পতিয়ে৷ তেওঁলোকৰ সৈতে চন্দ্ৰৰ যুগ্ম প্ৰভাৱত একাধিক ৰাশিৰ বাবে সুফল আহিব৷ এই সময়ত সূৰ্য আৰু কেতু থাকিব সিংহ ৰাশিত, মঙল থাকিব কন্যাত৷ ৰাহু কুম্ভত, শনি মীন ৰাশিত৷ জানি থওক কোন কোন ৰাশিৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আৰ্থিক সুখ সমৃদ্ধি আৰু পাৰিবাৰিক আনন্দৰ দিন৷ চন্দ্ৰ থাকিব দ্বিতীয় ঘৰত অৰ্থাৎ ধন আৰু পৰিয়াল সংক্ৰান্তিয় স্থানত৷ যাৰ ফলত অৰ্থপ্ৰাপ্তি আৰু পাৰিবাৰিক শান্তি নিশ্চিত৷ দুপৰীয়াৰ পাছত চন্দ্ৰই মিথুনলৈ গমন কৰি তৃতীয় ঘৰক সক্ৰিয় কৰিব৷ যাৰ ফলত আপোনাৰ কথাবাৰ্তাত দৃঢ়তা আহিব আৰু কামত ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ খুলিব৷ আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকা আত্মবিশ্বাসেৰে ভৰপুৰ হৈ থাকিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু সাফল্যৰ পথত তেওঁলোক আগুৱাব পাৰিব৷ চাকৰি হওক বা ব্যৱসায় এই দুই ক্ষেত্ৰত আপুনি নজৰ কাঢ়িব পাৰিব৷ সহকৰ্মীসকলৰ পৰা সন্মান আৰু সহযোগিতা লাভ কৰিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ বাবে আজিৰ দিনটো অসাধাৰণ দিন৷ দুপৰীয়াৰ পাছত চন্দ্রই আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব প্ৰথম ঘৰক সক্ৰিয় কৰিব৷ তাৰ ওপৰিও শুক্ৰ আৰু বৃহস্পতিৰ সংযোগে আত্মবিশ্বাস, ব্যক্তিত্ব আৰু আকৰ্ষণ বহু গুণে বঢ়াব৷ বুদ্ধিমত্তা আৰু যোগাযোগ ক্ষমতাই আপোনাক পৃথক কৰি তুলিব৷ আজি আপুনি চাকৰি বা ব্যৱসায়ত নতুন প্ৰস্তাৱ পাব পাৰে৷ সামাজিক যোগাযোগত উন্নতি হব আৰু আপোনাৰ চিন্তাভাৱনা আৰু আইডিয়াই অন্যসকলে প্ৰভাৱিত কৰিব৷ এই দিনটো আপোনাৰ বাবে একাধিক দিশৰ পৰা লাভদায়ক হব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো বেছ ফলপ্ৰদ হব৷ দ্বিতীয় ঘৰত বুধৰ উপস্থিতিয়ে আৰ্থিকভাৱে আপোনাক শক্তিশালী কৰিব৷ দুপৰীয়াৰ পাছত চন্দ্ৰৰ ১২ তম ঘৰত প্ৰৱেশ কৰি বিদেশ সংযোগ, সৃজনশীলতা আৰু আধ্যাত্মিকতাত সাফল্য আনিব৷ পৰিয়াল আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য বৰ্তি থাকিব৷ আপুনি যিকোনো ধৰণৰ সৃজনশীল প্ৰকল্পত আগুৱাই যাব আৰু বিদেশভিত্তিক কোনো সুযোগ আহিব পাৰে৷ আত্মবিশ্বাস আৰু মনোসংযোগ থাকিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে দিনটো শুভ৷ পুৱাই চন্দ্ৰদেৱ অষ্টম ঘৰত থাকিব৷ ফলত গভীৰ চিন্তা, গৱেষণা আৰু কৌশল তৈয়াৰত আপুনি সফল হব৷ দুপৰীয়াৰ পাছত নৱম ঘৰত চন্দ্ৰৰ অৱস্থানে উচ্চ শিক্ষা, ভাগ্য আৰু যাত্ৰাৰ বাবে অনুকূল হব৷ আজিৰ দিনটো আপুনি উচ্চশিক্ষা, ধৰ্মীয় কৰ্মকাণ্ড বা দূৰভ্ৰমণৰ বাবে প্ৰস্তুত হব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতি হব৷ নতুন প্ৰজেক্ট বা ট্ৰেইনিং আৰম্ভ কৰাৰ বাবে দিনটো উপযুক্ত৷ ভাগ্যৰ সহায়তাত আপুনি আগুৱাই যাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো বিশেষ লাভজনক দিন৷ ৰাহুৰ প্ৰথম ঘৰৰ অৱস্থানে আপোনাক নতুন পথেৰে আগুৱাই যোৱাত অনুপ্ৰেৰণা দিব৷ দুপৰীয়াৰ পাছত চন্দ্ৰই পঞ্চম ঘৰত প্ৰৱেশ কৰিলে সৃজনশীলতা, প্ৰেম আৰু সন্তানৰ সৈতে সম্পৰ্ক উন্নত হব৷ এই দিনটোত আপুনি বিনিয়োগ বা নতুন ব্যৱসায়িক উদ্যোগৰ সুযোগ পাব পাৰে৷ যিসকলে শিল্প, মিডিয়া বা শিক্ষাক্ষেত্ৰত আছে তেওঁলোকে আজি ভাল ফল পাব৷ প্ৰেমজ জীৱন হব আনন্দময় আৰু সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷
১৮ আগষ্ট ২০২৫ মেষ, মিথুন, কৰ্কট, তুলা আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদস্বৰূপ৷ যিসকল এই ৰাশিৰ অধীনত পৰে তেওঁলোকে আজি অৰ্থ, সন্মান আৰু মানসিক শান্তিৰ অভিজ্ঞতা লাভ কৰিব৷ গ্ৰহৰ অনুকূল অৱস্থানে আপোনাক সুসময় উপহাৰ দিব৷
(ডিছক্লেইমাৰ- ওপৰৰ বিষয়সমূহ মানিবই লাগিব বুলি কোনো কথা নাই৷ কোনো সমস্যাৰ সন্মুখীন হলে বিশেষজ্ঞৰ পৰামৰ্শ লওক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ