ডিজিটেল ডেস্কঃ ৩১ডিচেম্বৰ! বছৰৰ আজি শেষ দিন। সফলতা, বিফলতা, প্ৰাপ্তি, অপ্ৰাপ্তি, আনন্দ, বিষাদ, পোৱা, নোপোৱাৰ মাজেৰে ২০২৩ বৰ্ষটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান ঘন্টা। মনত নতুন আশা, প্ৰত্যাশালৈ আকৌ আৰম্ভ হ’ব এটা নতুন বছৰ। এৰি অহা ২০২৩ বৰ্ষটোত অসমীয়া ছবিজগতত কি নতুন সংযোজন ঘটিল, এবাৰ উভতি চাও আহকচোন।
বছৰৰ আৰম্ভণিতে মুক্তি পাইছিল মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অতি সুক্ষ্মনুভূতিৰ ছবি অনুৰ। ছবিখন মুক্তি হোৱা কেইটামান দিনৰ পাছতে মুক্তি পাইছিল হিন্দী ছবি পাঠান। যাৰ বাবে ছবিখন এসপ্তাহৰ পাছতে ছবিঘৰৰ পৰা আতৰি গৈছিল। বক্স অফিচত ছবিখনে বিশেষ একো সফলতা লাভ নকৰিলেও কেইবাটাও ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত কৰা হ’ল অসমীয়া ছবি অনুৰক।
অনুৰৰ পাচতে ২০২৩ৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাইছিল ডাঃ বেজবৰুৱাৰ চিকুৱেল ডাঃ বেজবৰুৱা ২। দৰ্শকৰ অতিকৈ যোগাত্মক সহাঁৰি লাভ কৰি ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল প্ৰায় ৭কোটি টকা। জুবিন গাৰ্গৰ প্ৰতিটো গীতেই হৈছিল চুপাৰহিট। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল নিপন গোস্বামী। ছবিখনত জুবিন গাৰ্গৰ অভিনয়ো আছিল দৰ্শকে আদৰি লোৱাৰ অন্যতম এটা কাৰন।
২০২৩ৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি ৰঘুপতি। ২০২৩ৰে নহয় অসমীয়া ছবিজগতৰ বক্সঅফিচৰ সকলো ৰেকৰ্ড ভংগ কৰি এই ছবিখনে প্ৰায় ১২কোটি টকা উপাৰ্জন কৰিছিল। বহু বিৰতিৰ মূৰত ৰবি শৰ্মাৰ একশ্যনৰ লগতে এগৰাকী যুৱ পৰিচালক সুব্ৰত কাকতিৰ সুনিপুণ পৰিচালনাই ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এই ছবিখনৰ নাৰায়ণ শীৰ্ষক গীতটোৱে সকলোৰে হৃদয় চুইছিল।
চৰ্চিত আছিল যদিও যতীন বৰাৰ ছবি ৰাঘৱো আহিছিল ২০২৩ বৰ্ষতে। কিন্তু সামাজিক, ৰাজনৈতিক বিভিন্ন ইচ্ছ্যুৰ মাজত সোমাই এই ছবিখনে দৰ্শকৰ আশানুৰূপ সহাঁৰি লাভ নকৰিলে। একাংশই ছবিখন বৰ্জন কৰিলে। সেয়া যি কি নহলেও এই ছবিখনেও একাংশ দৰ্শকৰ বেচ সমাদৰ লাভ কৰিছিল।
মমতাৰ চিঠি। ২০২৩বৰ্ষৰ অন্যতম এখন ছবি। হেম বৰুৱাৰ সেই বিখ্যাত কবিতাটোৰ আলমত নিৰ্মাণ কৰা ছবিখনেও দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল। মুখা বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ পৰিচালক আছিল নিৰ্মল দাস। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল গুঞ্জন ভৰদ্বাজ।
২০২৩ৰ চৰ্চিত আৰু বিগ বাজেটৰ এখন ছবি আছিল- ৰঙাটাপু-১৯৮২। এটা বুৰঞ্জীৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। যুৱ পৰিচালক আদিত্যমৰ পৰিচালনা নিৰ্মাণ হোৱা ছবিখন আছিল ২০২৩ৰ অন্যতম এখন সফল চিনেমা। আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাসৰ লগতে বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।
বছৰটোৰ একেবাৰে শেষত আহিছিল অসমীয়া ছবি নেলীৰ কথা। নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনে দৰ্শকৰ বিশেষ সহাঁৰি লাভ নকৰিলে। পাৰ্থজিত বৰুৱাই পৰিচালনা কৰা ছবিখন ৮ডিচেম্বৰত মুক্তি লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ