বয়স মাত্ৰ ২৩ বছৰ৷ ২৩ বছৰ বয়সতেই ২৫ বাৰ বিয়া কৰাই প্ৰতিজন স্বামীকেই ত্যাগো কৰিছে এই তৰুণীয়ে৷ আটাইকেইগৰাকী স্বামীৰ পৰাই নগদ ধন, গহনা আৰু মূল্যবান সামগ্ৰী লুট কৰি পলাই গৈছে৷ অৱশেষত সেই তৰুণী আৰক্ষীৰ হাতত পৰিল৷ ৰাজস্থানৰ ছাৱাই মাধোপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এই প্ৰতাৰক নাৰী৷ তৰুণীগৰাকীৰ নাম অনুৰাধা পাছোৱান৷ তেওঁক মধ্যপ্ৰদেশৰ ভোপালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷
তেওঁক গ্ৰেপ্তাৰৰ খবৰ ভাইৰেল হোৱাৰ পাছতেই বহুতেই এইগৰাকী তৰুণীৰ নাম দিছে লুটেৰা দোলহন৷ আৰক্ষীয়ে জনোৱা অনুসৰি অনুৰাধা নামৰ এইগৰাকী তৰুণীয়ে অকলে এই কাম কৰা নাই৷ তেওঁৰ সৈতে আছে এটা বিশেষ গেং৷ সেই প্ৰতাৰক গেঙেই টাৰ্গেট কৰে বিবাহৰ বাবে ব্যাকুল হৈ থকা পুৰুষক৷ স্থানীয় দালালৰ মাধ্যমেৰে পাত্ৰসকলৰ ওচৰলৈ হোৱাটছ এপত অনুৰাধাৰ ছবি পঠিয়াই৷ কইনা বিচাৰি দিয়াৰ বাবদ তেওঁলোকে প্ৰায় ২-৫ লাখলৈকে ধনদাবীও কৰে৷ তাৰপিছতেই অনুৰাধাক বিয়া দিয়ে সেই বিশেষ পাত্ৰলৈ৷ পাত্ৰৰ ঘৰত কিছুদিন অৱস্থান কৰি বিশ্বাসভাজন হৈ স্বামীৰ ঘৰৰ পৰা অৰ্থ, স্বৰ্ণালংকাৰ আৰু ইলেক্ট্ৰনিক পণ্য লৈ পলাই অনুৰাধা৷
এই প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰথম অভিযোগ উত্থাপন কৰিছিল ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ বিষ্ণু শৰ্মা নামৰ এজন ব্যক্তিয়ে৷ তেওঁ জনাই যে অনুৰাধাক তেওঁ বিয়া কৰাইছিল৷ তেওঁক অনুৰাধাৰ পৰিচয় দিছিল দুজন দালালে৷ অনুৰাধাক তেওঁ পত্নী হিচাপে পাবৰ বাবে দালালকেই দিবলগীয়া হৈছিল ২ লাখ টকা৷ কিন্তু কৰ্ট মেৰেজৰ ১২ দিন পাছত অনুৰাধাই সকলো দামী গহনা আৰু দামী সামগ্ৰীপত্ৰ হৈ পলাই যায়৷ বিষ্ণুৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আণ্ডাৰকভাৰ অপাৰেছন পৰিচালনা কৰি এক গোপন ব্যক্তিক পাত্ৰ সজাই দালালৰ সৈতে যোগাযোগ কৰোৱা হয়৷ অনুৰাধাৰ ছবি লাভ কৰাৰ পাছত ফোন ট্ৰেক কৰি ভোপালৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
আৰক্ষীয়ে জনাইছে যে বিগত ৭ মাহত অনুৰাধা পাছোৱানে অন্তত ২৫গৰাকী পুৰুষক এনেকৈ প্ৰতাৰণা কৰিছে৷ এই ঘটনাত জড়িত দালাল চক্ৰ আৰু অন্যান্য সহযোগীসকলক ধৰিবলৈ তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















