২৭ জুন ২০২৪ বৃহস্পতিবাৰে শনিৰ ৰাশি কুম্ভ ত্যাগ কৰি বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিছে চন্দ্ৰই৷ আজি আহাৰৰ কৃষ্ণা ষষ্ঠী তিথি৷ হিন্দুধৰ্ম অনুসৰি বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ এই দিনটোত শ্ৰীবিষ্ণুৰ আশীৰ্বাদত লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিত সূৰ্য আৰু বুধৰ মিলনত থাকিব বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি আছে ৰবি যোগ, আয়ুষ্মাণ যোগ আৰু সৌভাগ্য যোগ৷ ইয়াৰোপৰি আছে শতভিষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো শুভ যোগৰ প্ৰভাৱত দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে৷ জ্যোতিষ গণনা অনুসৰি সৌভাগ্য বৰ্ষণ হ’ব ৫ৰাশিৰ জাতকৰ ওপৰত৷ এই পাঁচ ৰাশিৰ জাতকে সকলো কামতে ভাগ্যৰ সহায় পাব৷
মিথুন ৰাশি
২৭ জুনত সৌভাগ্য যোগৰ প্রভাৱত শুভ দিন কটাব মিথুন ৰাশিৰ জাতকে৷ আপুনি পৰিয়ালৰ সকলো দায়িত্ব সুকলমে পালন কৰিব পাৰিব৷ কাইলৈ অতিৰিক্ত অৰ্থলাভৰো সম্ভাৱনা আছে৷ সম্পতি আহৰণ কৰিব পাৰিব৷ স্বাস্থ্যও পূৰ্বতকৈ ভাল হ’ব আপোনাৰ৷
সিংহ ৰাশি
নাৰায়ণৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ দিনটো বেছ শুভ আৰু ফলপ্ৰসু হ’ব আপোনাৰ৷ আয়ুষ্মাণ যোগৰ প্রভাৱত মোটা অংকৰ ধন লাভ কৰিব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ বন্ধুৰ সৈতে কৰোৱালৈ যোৱাৰ পৰিকল্পনা কৰিব লাগিব৷ পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ আপোনাৰ বিশেষ কোনো কাম সম্পন্ন হ’ব৷
তুলা ৰাশি
শতভিষা নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভজনক হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ আপুনি নিজৰ প্ৰতিদ্বন্দীক হৰুওৱাব পাৰিব৷ দিনটো বেছ সুখেৰে কটাব৷ সন্তান সংক্ৰান্তীয় কোনো ইচ্ছা পূৰণ হ’ব৷ শিক্ষাক্ষেত্ৰত ভাল ফল পাব তুলা ৰাশিৰ জাতক জাতিকাই৷ দাম্পত্য জীৱনত সুখ আহিব৷ শিক্ষাক্ষেত্ৰত ভাল ফল লাভ কৰিব তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে৷ দাম্পত্য জীৱনত সুখ বৰ্তি থাকিব৷ ব্যৱসায়ীয়ে ভাল ফল লাভ কৰা সম্ভৱ৷
বৃশ্চিক ৰাশি
২৭ জুন ৰবি যোগৰ শুভ প্ৰভাৱত লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতক৷ পঢ়াশুনাত আগ্ৰহ বাঢ়িব এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীৰ৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব আপোনাৰ৷ আৰ্থিক অৱস্থা বেছ মজবুত হ’ব৷ যি কামতেই হাত নিদিয়ক কিয় সেই কামতেই সফলতা পাব৷ অফিচতো প্ৰশংসা লাভ কৰিব৷
ধনু ৰাশি
শ্ৰীবিষ্ণুৰ আশীৰ্বাদ থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম কাইলৈ সম্পন্ন হ’ব৷ প্ৰবীণ কাৰোবাৰ পৰা ব্যৱসায়ত সহায় লাভ কৰিব৷ পাৰিবাৰিক বিষয়তো আপোনাৰ সক্ৰিয়তা বাঢ়িব৷ আয় বাঢ়িব আপোনাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ