• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

3 weeks ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

1 hour ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

2 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

2 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

4 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

5 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

6 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

7 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

8 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

9 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

লাভ কৰিলে প্ৰথম স্থান

editor by editor
August 31, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

Screenshot

0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কন্যাৰ পঢ়া-শুনাৰ মাচুল পৰিশোধ কৰিবলৈ এগৰাকী মাতৃয়ে খালী ভৰিৰে দৌৰি দাঙি ধৰিলে এক অনন্য উদাহৰণ। তেওঁৰ এই অদম্য সাহস আৰু ইচ্ছাশক্তিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মহাৰাষ্ট্ৰৰ বীদ জিলাৰ আম্বাজোগাইত অনুষ্ঠিত হৈছিল ‘অমৃত দৌৰ’ নামৰ এখন মাৰাথন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৪৭ বছৰীয়া ৰামাবাই ৰণবীৰে প্ৰথম স্থান লাভ কৰে। বিশেষ কথাটো হ’ল, ৰামাবাইয়ে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে শাৰী পিন্ধি, খালী ভৰিৰে এই দৌৰত অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ সময়ত বৰষুণ দি থকাৰ ফলত ৰাস্তাটো তিতি আছিল। কিন্তু সেই প্ৰতিকূল পৰিস্থিতিয়েও ৰামাবাইৰ মনোবল ভাঙিব নোৱাৰিলে। খালী ভৰিৰে তিতা ৰাস্তাত দৃঢ়তাৰে দৌৰি তেওঁ শেষত প্ৰথম স্থান দখল কৰে। বিজয়ী হিচাপে তেওঁ লাভ কৰে ৩ হাজাৰ টকাৰ পুৰস্কাৰ।

কন্যাৰ শিক্ষাৰ বাবেই এই দৌৰ

ৰামাবাইৰ জীৱন সংগ্ৰামে সকলোকে আৱেগিক কৰি তুলিছে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ হিংগোলী এৰি আম্বাজোগাইলৈ আহিছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নহ’লেও দুয়োগৰাকী কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ আপোচ কৰিব বিচৰা নাই। জানিব পৰা মতে, ৰামাবাইয়ে এখন একাডেমীত ৰান্ধনীৰ কাম কৰে। এই কামৰ পৰা উপাৰ্জন কৰা ধনেৰে তেওঁ পৰিয়াল চলোৱাৰ লগতে কন্যা দুগৰাকীৰ পঢ়া-শুনাৰ খৰচ বহন কৰি আহিছে। তেওঁৰ এগৰাকী কন্যাই বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি আছে। আনগৰাকী কন্যাই আৰক্ষীত নিযুক্তি লাভৰ বাবে প্ৰস্তুতি চলাই আছে। কন্যাসকলৰ শিক্ষাৰ মাচুল পৰিশোধ কৰিবলৈ ধনৰ প্ৰয়োজন হৈছিল ৰামাবাইৰ। সেই বাবেই তেওঁ ‘অমৃত দৌৰ’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ বাবে এই দৌৰ কেৱল প্ৰতিযোগিতা নাছিল, বৰং কন্যাসকলৰ ভৱিষ্যতৰ বাবে কৰা আন এক সংগ্ৰাম আছিল।

‘সংগ্ৰামেই জীৱনৰ আন এটা নাম’

প্ৰতিযোগিতাত জয়লাভ কৰাৰ পিছত ৰামাবাইয়ে নিজৰ সংগ্ৰামৰ কথা উল্লেখ কৰি কয় যে, কন্যাসকলৰ শিক্ষাৰ বাবে তেওঁ যিমানেই কষ্টৰ সন্মুখীন নহওক কিয়, কেতিয়াও পিছুৱাই নাযায়। তেওঁৰ মতে, সন্তানৰ ভৱিষ্যতৰ বাবে তেওঁ প্ৰতিদিনেই দৌৰি আছে। এই প্ৰতিযোগিতাতো তেওঁ নিজৰ ছোৱালীবোৰৰ মাচুল পৰিশোধ কৰিব পৰাকৈ ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে দৌৰিছিল। ৰামাবাইৰ এই জয়ে প্ৰতিযোগিতাস্থলীত উপস্থিত বহু লোকক আৱেগিক কৰি তোলে। কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ, শাৰী পিন্ধি আৰু খালী ভৰিৰে বৰষুণত দৌৰি প্ৰথম স্থান লাভ কৰা ৰামাবাই এতিয়া বহু মহিলা আৰু যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে জীৱনত লক্ষ্য দৃঢ় হ’লে অভাৱ, বাধা বা প্ৰতিকূল পৰিস্থিতিয়ে মানুহক সহজে ৰখাব নোৱাৰে। সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এগৰাকী মাতৃয়ে কিমান দূৰলৈ যাব পাৰে, ৰামাবাইৰ এই কাহিনীয়ে তাৰেই এক অনন্য উদাহৰণ দাঙি ধৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24education
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

'মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়'

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.