ট্ৰাকত খুন্দা মাৰি উফৰি গৈ ৩৫ যাত্ৰী ভৰ্তি বাছ বাগৰিল খাৱৈত, থিতাতে নিহত ৫, সংকটজনক বহুতো
পঞ্জাৱ জিলাৰ ফৰিদকোট-কোটকাপুৰা পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষ ইমানেই প্ৰবল যে বাছখনে ভাৰসাম্য হেৰুৱাই উফৰি গৈ ৰেলিং ভাঙি খাৱৈত বাগৰি পৰে।
দুৰ্ঘটনাৰ সময়ত বাছখনত ৩৫ গৰাকী যাত্ৰী আছিল। যাত্ৰীৰে ভৰা বাছখন খাৱৈত বাগৰি পৰাত যাত্ৰীসকলৰ মাজত চিঞৰ বাখৰ লাগে।
এই দুৰ্ঘটনাত ঘটনাস্থলীতে ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য কেউজন তথা ৩০ জন যাত্ৰী কম-বেছি পৰিমানে আহত হৈছে। ইয়াৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক।
দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৰাইজৰ সহায়ত সকলো লোককে উদ্ধাৰ কৰে। আনহাতে আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৃত্যু হোৱাসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। আহতসকলৰ চিকিৎসা অব্যাহত আছে। এছ এছ পি ডাঃ প্ৰজ্ঞা জৈনে কয় যে বৰ্তমান সময়ত আঘাতপ্ৰাপ্ত ৰোগীৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
জানিব পৰা অনুসৰি, আজি পুৱা আবোহৰৰ পৰা শ্ৰী অমৃতসৰ চাহাবলৈ যাবলৈ ৩৫ গৰাকী লোক এখন ব্যক্তিগত বাছেৰে ৰাওনা হৈছিল। কিন্তু কোটকাপুৰাৰ পৰা ফৰিদকোটলৈ আহি থকা অৱস্থাত বাছখনে চেমনালেৰ সমীপত সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে প্ৰচন্দ জোৰে খুন্দা মাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ