পত্নী ৬১ বছৰীয়া চেৰিল৷ স্বামী ২৪ বছৰীয়া কোৱাৰান মেককেন৷
কিছুদিন পূৰ্বে দুয়ো অসমান বিবাহৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল। জৰ্জিয়াৰ এই দম্পতীহালৰ বয়সৰ পাৰ্থক্য প্ৰায় ৩৬ বছৰ।
কিন্তু এই বয়সৰ পাৰ্থক্যৰ বাবে সমালোচিত হোৱা দম্পতীহালে তেওঁৰ ৰটনা ৰটাসকলক বদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি দেখুৱাই আহিছে।
লগতে পঢ়ক কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!
ৰটনা ৰটাসকলক বৃদ্ধাংগুষ্ঠ দেখুওৱাই দম্পতীহালে ঘোষণা কৰিছে যে তেওঁলোকে এইবাৰ সন্তান জন্ম দিব বিচাৰিছে। বিশেষকৈ ৬১ বছৰীয়া পত্নী চেৰিলে ২৪ বছৰীয়া স্বামীৰ সন্তানৰ মাতৃ হ’ব খুজিছে৷
উল্লেখ্য যে ৬১ বছৰীয়া এই চেৰিল পূৰ্বে মাতৃ হোৱাই নহয় তেওঁৰ ১৭ গৰাকীকৈ নাতি-নাতিনীও আছে। কিন্তু নতুন স্বামীৰ ঔৰসজাত সন্তানৰ মাতৃ হ’ব খোজে চেৰিলে৷
এতিয়ালৈকে দুয়োজনে চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিব নে অন্য পথ গ্ৰহণ কৰিব সেইটো সিদ্ধান্ত লোৱা নাই। চেৰিলৰ মতে, কোৱাৰানে পিতৃ হ’ব বিচাৰে, আৰু তাইও তেওঁৰ সন্তানৰ মাতৃ হ’ব বিচাৰে। সেইবাবেই তেওঁলোকে এই সিদ্ধান্ত লৈছে।
লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?
যদিও চেৰিল আৰু কোৱাৰানৰ সম্পৰ্কক লৈ বহুতে ভ্ৰু কোঁচাইছে, তথাপিও দুয়োৰে সম্পৰ্ক গভীৰ প্ৰেমৰ প্ৰকাশ বুলি দাবী কৰিছে। তেওঁলোকৰ যোৰাটোও ইন্টাৰনেটত যথেষ্ট জনপ্ৰিয়।
তেওঁলোকৰ টিকটৰ অনুৰাগীৰ সংখ্যা প্ৰায় ২২ লাখ। নিয়মীয়াকৈ ইন্টাৰনেটৰ জৰিয়তে দম্পতীহালে নিজৰ যৌন জীৱনৰ বিভিন্ন মুহূৰ্ত শ্বেয়াৰ কৰিআহিছে। তেওঁলোকৰ বিবাহ অনুষ্ঠানটোও সামাজিক মাধ্যমত লাইভ সম্প্ৰচাৰ কৰা হৈছিল। প্ৰায় ২০ হাজাৰ লোকে তেওঁলোকৰ বিয়াখন লাইভ চাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ