অসম লাইভ ২৪ঃ তথ্য প্ৰযুক্তি আইন (২০০০)ৰ ধাৰা ৬৬(ক)ৰ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। এই ধাৰাৰ অধীনত সন্দেহজনক লোকক বিবেচনাৰ ভিত্তিত আটক কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল আৰক্ষীক। সেই অনুসৰি, কোনো লোকে কম্পিউটাৰ বা মোবাইলৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰিলে, সেই ব্যক্তিগৰাকী যদি দোষী সাব্যস্ত হয় তেন্তে ব্যক্তিগৰাকীক ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু ২০১৫ চনতেই ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়যোগে ইণ্টাৰনেটত মুক্ত বাৰ্তালাপ প্ৰাসংগিকতা সন্দৰ্ভত প্ৰসাৰ কৰি তথ্য প্ৰযুক্তি আইন (২০০০)ৰ ধাৰা ৬৬(ক) সাংবিধানিক বুলি বাতিল কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ