মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে৷ এই লজ্জাজনক জঘন্য ঘটনাটো সংঘটিত হৈছে নয়দাত৷
বৃহত্তৰ নয়ডাৰ ডাংকাউৰ অঞ্চলৰ এখন গাঁৱত বুধবাৰে এজন আদবয়সীয়া লোকে এটি ৭ মহীয়া শিশু কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰকাশিত খবৰ অনুসৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰিয়ে অভিযুক্তজন পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে কৰায়ত্ত কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে৷
লগতে পঢ়ক অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?
ইতিমধ্যে ৭ মহীয়া শিশুটিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহৰ দাখিল কৰিছে৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
ইফালে ভুক্তভোগী শিশুটিৰ ব্যাপক ৰক্তক্ষৰণ হোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটে আৰু সংকট অৱস্থাত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা
আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগী ছোৱালীজনীৰ পিতৃয়ে কয় যে যোৱা বুধবাৰে সন্ধিয়া তেওঁলোকৰ ৭ মহীয়া কন্যা সন্তানটি ঘৰৰ পৰা কিছু দূৰৈত ভাতৃৰ সৈতে বিচনাত শোৱাই থোৱা হৈছিল। সেই সময়তে পথটোৰে পাৰ হৈ যোৱা আন এখন গাঁৱৰ এজন ব্যক্তি তাত উপস্থিত হয়৷
লোকজনে তাতে থকা ককায়েকক দাদাক পানী বিচাৰে আৰু ককায়েকে শিশুটিক তাতে এৰি পানী আনিবলৈ ঘৰলৈ যোৱাৰ সময়তে লোকজনে এই জঘন্য কাণ্ড সংঘটিত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ