ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ১৪১ দিন ধৰি চলি আছে। যুদ্ধৰ বেয়া খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত পুটিনৰ এটা ভাল খবৰো সমানে প্ৰচাৰ লাভ কৰিছে।
এই ভাল খবৰটো হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰেমিকা প্ৰাক্তন জিমনাষ্ট আলিনা কাবায়েভাৰ গৰ্ভধাৰণ কৰিছে৷ অৰ্থাৎ ৬৯ বছৰ বয়সত পুনৰ পিতৃ হ’বলৈ ওলাইছে ৰুছ ৰাষ্ট্ৰপতি পুটিন।
উল্লেখ্য যে পুটিনৰ ৩৯ বছৰীয়া প্ৰেমিকাগৰাকীয়ে ইতিমধ্যে দুটা সন্তানৰ মাতৃ৷ এই খবৰ প্ৰচাৰ হ’লেও কিন্তু এটা টেলিগ্ৰাম চেনেলৰ মতে অৱশ্যে এই খবৰত পুটিন আনন্দিত নহয় বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা
খবৰৰ মতে পুটিনে আনন্দিত নোহোৱাৰ কাৰণ হৈছে যে তেওঁলোকৰ ইতিমধ্যে কন্যা সন্তান আছে৷ গতিকে নতুন সন্তানৰ প্ৰয়োজন নাছিল। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আলিনা আৰু পুটিনৰ প্ৰসংগই প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।
পুটিনৰ জীৱনৰ লগত জড়িত সকলো কথা এতিয়াও ৰহস্যৰ আৱৰ্তত। পুটিনে জীৱনৰ গোপন কথাবোৰ খুব কমেইহে প্ৰকাশ কৰে। সংবাদ মাধ্যমত চৰ্চা লাভ কৰিলে আহিলেও পুটিন কিমান সন্তানৰ পিতৃ সেয়া কোনেও নিশ্চিত নহয়৷
সংবাদ মাধ্যমত চৰ্চা লাভ কৰি অহাৰ মতে লিউডমিলা অচেৰেটনায়াৰ, ব্যৱসায়ী মহিলা মাৰিয়া ভ’ৰণ্টছ’ভা আৰু কাটাৰিনা টিখোনোভা আদিয়েও পুটিনৰ ঔৰসজাত সন্তান জন্ম দি আহিছে৷
লগতে পঢ়ক বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!
ইফালে পুটিনৰ প্ৰেমিকা হৈছে প্ৰাক্তন জিমনাষ্ট আলিনা কাবায়েভাৰ৷ খেলৰ পৰা অৱসৰ লোৱাৰ পিছতে ৰাজনীতিত সক্ৰিয় হৈ পৰে আলিনা। পুটিনৰ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁ সংযুক্ত ৰাছিয়া দলৰ সাংসদ হৈছিল।
২০০৭ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ নিম্ন সদনৰ ডেপুটি ষ্টেট ডুমা আছিল। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াৰ নেচনেল মিডিয়া গ্ৰুপৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আলিনা এখন আলোচনীৰ বাবে অৰ্ধনগ্ন ছবিৰ বাবে প’জ দিয়াৰ সময়ত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ চৰ্চাৰ মধ্যমণি হৈ পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ