শেষ নক্সাল ! বৰ্তমানলৈ ৮০ নিহত, ১২৫ আটক, ১৫০ৰ আত্মসমৰ্পণ
নক্সাল বুলিলেই সন্ত্ৰাসৰ আন এক নাম। চত্তীশগড় জিলাৰ এই সন্ত্ৰাসে বহু বছৰ ধৰি জ্বলা কলা খুৱাইছে চৰকাৰ তথা আৰক্ষীক। সেই নক্সালকেই মাথো দুটা মাহতেই শেষ কৰি দিয়াৰ দৰে কৰে আৰক্ষীয়ে।
আৰক্ষীৰ সৈতে জংঘলৰ মাজত হোৱা সংঘৰ্ষত নক্সালৰ একেবাৰে কঁকাল পৰি যোৱাৰ দৰে অৱস্থা হৈছে। বৰ্তমানলৈ দুৰ্ধৰ্ষ নেতাৰ লগতে মুঠ ৮০ নক্সালী নিহত হোৱাৰ লগতে ১২৫ নক্সালী আৰক্ষীৰ হাতত আটক হৈছে। তাৰোপৰি অন্য ১৫০ নক্সালীয়ে মৃত্যুৰ ভয়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে।
মাথো দুদিন পূৰ্বৰ সংঘৰ্ষৰ ফলতে ২৯ নক্সালী আৰক্ষীৰ হাতত নিহত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা জাননী অনুসৰি ২০০৪-১৪ৰ তুলনাত ২০১৪-২৩ বৰ্ষত বামপন্থী উগ্ৰবাদৰ ঘটনা ৫২ শতাংশ হ্ৰাস। লগতে মৃত্যু হোৱাৰ সংখ্যা ৬৯ শতাংশ বৃদ্ধি।
চত্তীশগড়ত নতুন চৰকাৰ গঠন হোৱাৰ পাছতে নক্সালৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে । নক্সালৰ বিৰুদ্ধে নিতৌ সক্ৰিয় অভিযান চলি আছে। এই উদ্দেশ্য এক বিশেষ কমিটিয়ো গঠন কৰা হৈছে। যি কমিটিত আৰক্ষীৰ শীৰ্ষ বিষয়া, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ, বি এছ এফ, ভাৰত-তীব্বত সীমা জোৱান আৰু চোৰাংচোৱা বিষয়া জড়িত হৈ আছে।
সেই সকলো নেতৃত্বতে এই ডাঙৰ সফলতা হাতত লাগে। বিগত মঙলবাৰৰ ঘটনা , যি ঘটনাত ২৯ নক্সালী নিহত হয়, য’ত কুখ্যাত নক্সালী কমাণ্ডাৰো আছে সেই ঘটনাকে বৰ্তমানলৈ সবাতোকৈ সফল বুলি মান্য কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ