অসম লাইভ ২৪ঃ মুখৰোচক মেগী নুডলচ প্ৰস্তুত কৰা নেষ্টলেৰ খাদ্যবৰ্গৰ ৭০ শতাংশ খাদ্যই স্বাস্থ্যসন্মত নহয়। মেগী, কিটকেট আৰু নেষ্টকেফেৰ বাবে জনপ্ৰিয় প্ৰতিষ্ঠান ‘নেষ্টলে’ৰ আভ্যন্তৰীণ তথ্যতে পোহৰলৈ আহিছে কোম্পানীটোৰ ৭০ শতাংশ খাদ্য আৰু পানীয় স্বাস্থ্যসন্মত নহয়। ইংলেণ্ডৰ বাণিজ্যিক পত্ৰ ‘ফাইনেনচিয়েল টাইমচ’ত প্ৰকাশ পোৱা খবৰ অনুসৰি, ২০২১ চনৰ প্ৰথমভাগত কোম্পানীটোৰ শীৰ্ষ অধিকাৰীসকলৰ মাজত বিনিময় হোৱা এক ৰিপ’টত এই কথা লিপিবদ্ধ আছিল। পশু খাদ্য আৰু বিশেষভাৱে উৎপাদিত মেডিকেল নিউট্ৰিচন, শিশু খাদ্যৰ বাদে নেষ্টলেৰ খাদ্যশ্ৰেণীৰ পৰা ৩৭ শতাংশ সামগ্ৰীয়েই অষ্ট্ৰেলিয়াৰ হেল্থ ষ্টাৰ ৰেটিং পদ্ধতিৰ পৰা মাত্ৰ ৩.৫ ৰেটিং লাভ কৰিছে। FTৰ প্ৰতিবেদন অনুসৰি, কোম্পানীটোৰ সমূহ উৎপাদনৰ ৭০ শতাংশ খাদ্যদ্ৰব্য আৰু বিশুদ্ধ কফিৰ বাদে ৯০ শতাংশ পানীয়ই স্বাস্থ্যৰ বাবে উপযুক্ত খাদ্যৰূপে ৰেটিং লাভত ব্যৰ্থ। এই বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে বিশ্বৰ অন্যতম বৃহৎ খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে জনাইছে যে তেওঁলোকৰ সামগ্ৰীৰ গুণগত মান বৃদ্ধিৰ প্ৰক্ৰিয়াৰ অংশ হিচাপেহে প্ৰতিষ্ঠানটোৱে তেনে এক প্ৰতিবেদন যুগুত কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















