যি সময়ত মৃত্যুদূত স্বৰূপ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মুম্বাই অথবা ভেলৰলৈ যাব লাগে বুলি অসম ৰোগীসকলৰ মাজত এক ধাৰণা গঢ় লৈ উঠিছিল ঠিক সেই সময়তে গুৱাহাটী মহানগৰীত কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা উপলব্ধ হোৱা বুলি মত প্ৰকাশ কৰিছে বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে৷
অসম হ’ল ভাৰতৰ ‘কেন্সাৰ কেপিটেল’। সমগ্ৰ দেশত মুঠ কেন্সাৰ ৰেজিষ্ট্ৰী আছে ৩৬ খন। তাৰ ভিতৰত ১১ কেন্সাৰ ৰেজিষ্ট্ৰী আছে অসমত। ভাৰতত প্ৰতি লাখ লোকৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা ১২০ গৰাকী। মিজোৰামত এই সংখ্যা প্ৰতিলাখ লোকৰ মাজত ২৬৯ গৰাকী। একেদৰে কামৰূপ মহানগৰত প্ৰতিলাখত কৰ্কট ৰোগী ২১৬ গৰাকী। এনে এক সময়তে গুৱাহাটীত উপলব্ধ কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা। বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটত কম খৰচত উপলব্ধ ৰেডিঅ’ থেৰাপী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ