অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছে সহ্য কৰিবলগীয়া হৈছে অন্য এক মোক্ষম আঘাত৷ এজনৰ পিছত সিজনকৈ জ্যেষ্ঠ কংগ্ৰেছীয়ে দল এৰি যোগ দিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিত৷
সোমবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছত ভূ-কম্পনৰ সৃষ্টি কৰি ৰাজ্যখনৰ আটাইতকৈ প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰঞ্জিত প্ৰতাপ নাৰাইন সিঙে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷
ৰাজ্যখনৰ এই প্ৰভাৱশালী নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি অহা মাহত অনুষ্ঠিতৱ্য নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰিছে৷
সদ্য দলত্যাগী সিঙৰ উত্তৰ প্ৰদেশৰ কুশীনগৰসহ পশ্চিমাঞ্চলত বিশেষ প্ৰভাৱ আছে৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে এই প্ৰভাৱশালী নেতাজনৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গমনে কংগ্ৰেছক যথেষ্ট ক্ষতি কৰিব বুলি ধাৰণা কৰা হৈছে৷
ইফালে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এক নতুন যাত্ৰা আৰম্ভ কৰিব বুলি উল্লেখ কৰিছে৷
সিঙে আগন্তুক নিৰ্বাচনত বিজেপিৰ দলৰ হৈ পূৰ্বে তিনিবাৰকৈ নিৰ্বাচিত হোৱা পাদ্ৰৌনা বিধানসভা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷
কুশীনগৰৰ পৰা ২০০৯ চনত সাংসদ হোৱা সিঙে ২০১৪ লোকসভা নিৰ্বাচনত পৰাস্ত হৈছিল৷ ইফালে বিগত দুটা বিধানসভা নিৰ্বাচনত সিঙে পাদ্ৰৌমা বিধানসভা সমষ্টিত সদ্য বিজেপি ত্যাগী যোগী আদিত্যনাথৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ হাতত পৰাস্ত হৈছিল৷
স্বামী প্ৰসাদ মৌৰ্যই মুখ্যমন্ত্ৰী যোগীৰ সংগ এৰি সমাজবাদী পাৰ্টিত যোগদান কৰাৰ পিছতে বিজেপিয়ে মৌৰ্যক নিৰ্বাচনত ঘটোৱাবলৈ সিঙক দললৈ আদৰণি জনোৱা বুলি ধাৰণা কৰা হৈছে৷
ইফালে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে চৰকাৰৰ গঠন কৰাৰ পিছত কংগ্ৰেছে দ্বিতীয়টো বৃহৎ আঘাত সহ্য কৰিবলগীয়া হৈছে৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ অন্য এগৰাকী অতি প্ৰভাৱশালী কংগ্ৰেছ নেতা জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷
ৰাজ্যখনৰ এই প্ৰভাৱশালী নেতাগৰাকীয়ে হঠাতে কিয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিমুখী হ’ল তাকে লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে৷ কংগ্ৰেছ হাই কামাণ্ডে সিঙে দাবী কৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীক উপেক্ষা কৰাৰ বাবেই দল ত্যাগ কৰি বিজেপিলৈ গমন কৰা বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ